মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Registrar of Cooperative Societies Assam

সমবায়ৰ নিৰ্বাচন

  • নিৰ্বাচন:

    • তত্বাৱধান, নিৰ্দেশনা আৰু প্ৰস্তুতিৰ নিয়ন্ত্ৰণৰ কাৰণে ভোটাৰ তালিকা আৰু এখন সমবায় সমিতিৰ সকলো নৰ্বাচনৰ আচৰণ বিধি পঞ্জীয়কৰ ওপৰত ন্যস্ত থাকে। যদি সমিতিৰ প্ৰতিনিধি, সাধাৰণ গোটৰ প্ৰতিনিধি বা প্ৰতিনিধি, সঞ্চালক আদিৰ পদ খালী হৈ থাকে পঞ্জীয়কৰ এইটো কৰ্তব্য যে যোগ্য সদস্যৰ সৈতে ভোটাৰ তালিকা প্ৰস্তত কৰি নিৰ্বাচন পৰিচালনা কৰিব লাগে।
    • এখন ব`ৰ্ডৰ সঞ্চালকৰ নিৰ্বাচন, ব`ৰ্ডখনৰ সমাপ্তৰ সময় পাৰ হোৱাৰ আগতে পাতিব লাগে যাতে নতুনকৈ নিৰ্বাচিত হৈ অহা ব`ৰ্ডৰ সদস্যই আগৰ ব`ৰ্ডখনৰ সমাপ্তিৰ লগে লগে সদস্যসকলৰ পৰা কাৰ্য্যভাৰ গ্ৰহণ কৰিব পৰাতো নিশ্চিত কৰিব পাৰে।
    • একে উদ্দেশ্যত আহ্বান কৰা সাধাৰণ সভাত সঞ্চালক আৰু চৰকাৰী প্ৰতিনিধিয়ে নিৰ্বাচন অনুষ্ঠিত কৰিব।
    • ব`ৰ্ড এখন বা প্ৰতিনিধি নতুবা যিখন ব`ৰ্ডত কোনো সঞ্চালক নাই তাত যদি এখন ব`ৰ্ডে সেই ব`ৰ্ডৰ অন্তকালৰ আগে আগে নিৰ্বাচন পাতিবলৈ আপাৰগ হয় তেতিয়া পঞ্জীয়কে ব`ৰ্ড এখন গঠন কৰিবলৈ এখন সাধাৰণ সভাৰ আহ্বান কৰিব সমবায় বিভাগৰ এজন বিষয়া নিয়োগৰ জৰিয়তে আৰু তেনেকুৱা নিযুক্তি তাৰিখৰ পৰা ৯০ দিনৰ ভিতৰত। যিজন বিষয়া নিযুক্তি দিয়া হয় তেওঁ সমিতিৰ সহযোগত উক্ত ৯০ দিনৰ ভিতৰত ব`ৰ্ডৰ সকলো কাম-মাজ কৰিব।
    • সঞ্চালকজনে কাৰ্য্যনিৰ্বাহ কৰিব যিমানখিনি সময়ৰ কাৰণে নিৰ্বাচন কৰা হয় আৰু নতুনকৈ নিৰ্বাচিত হোৱা সঞ্চালকজনে কাৰ্য্যভাৰ গ্ৰহণ কৰিব নিৰ্ধাৰিত সময়ৰ অন্ত পৰাৰ লগে লগে।
    • সঞ্চালকৰ কাৰ্য্যালয়ত য`ত খালী পদ থাকে আৰু য`ত পৰ্য্যাপ্ত পৰিমাণৰ সঞ্চালক নাথাকে ব`ৰ্ডৰ সভাৰ থুলতা ধাৰাবাহিকভাৱে চলাই নিবলৈ, ব`ৰ্ডে তেতিয়া খুব বেছি তিনিজন যোগ্য সদস্য সহবৰণ কৰিব সভাৰ থুলতা ৰক্ষা কৰিবলৈ বা ভংগ হোৱা ব`ৰ্ডৰ খালী পদ পুৰ কৰিবলৈ নিৰ্বাচন অনুষ্ঠিত কৰিব।
    • এই আইনত সকলো অৰ্ন্তভূক্ত থকা স্বত্বেও, কোনো ব্যক্তি কাম কৰিবলৈ যোগ্য নহয়, আনহাতে, দুখনতকৈ বেছি সমবায় ব`ৰ্ডৰ সভাপতি বা উপসভাপতিয়ে কাৰ্য্য কৰাৰ ব্যৱস্থা ইয়াত নাই বা যোগ্যতা লাভ নকৰে।