মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Registrar of Cooperative Societies Assam

সাধাৰণ পৰিষদ

  • (১) সমবায় সমিতিৰ সাধাৰণ সভা গঠিত হয় এনেকুৱা সমবায় সমিতিবোৰৰ সদস্যৰে যিবোৰৰ সমিতিৰ সাধাৰণ সভাত ভোট প্ৰদানৰ যোগ্যতা আছে।

    (২)

    1. পঞ্জীয়নকৃত সমিতিৰ প্ৰতিজন সদস্য আৰু প্ৰশাসনিক পৰিষদৰ প্ৰতিজন পদেন সদস্য বা তেনেকুৱা সমিতিৰ পৰিচালন গোটৰ পদেন সদস্য অযোগ্যতাৰ অধীন নোহোৱা পৰ্য্যন্ত যিকোনো সাধাৰণ সভাত উপস্থিত হোৱাৰ অধিকাৰ থাকে আৰু এনেকুৱা সভাত তেওঁ ভোট প্ৰদান কৰিব পাৰে।:
      পঞ্জীয়নকৃত যিকোনো সমিতিৰ উপবিধিত যোগান ধৰা নীতি নিৰ্ধাৰণত কোৱা হয় যে:
      • এখন পঞ্জীয়নভূক্ত সমিতিয়ে সভ্যৰূপে অন্তৰ্ভূক্ত কৰা আন এখন তেনেকুৱা সমিতিৰ এজনতকৈ বেছি প্ৰতিনিধিয়ে সমিতিৰ সাধাৰণ সভাত ভোট প্ৰদান কৰাৰ অধিকাৰ থাকে।
      • সাধাৰণ সভাৰ মুঠ সদস্যৰ তিনিভাগৰ এভাগ সদস্য পদেন সদস্যৰ বাহিৰে হ`ব পাৰে, আৰু আন সভ্যৰূপে গ্ৰহণ কৰা হ`ব পঞ্জীয়নকৃত সমিতিৰ তিনিভাগৰ দুভাগ সদস্য প্ৰতিনিধি।
    2. সমিতিৰ মুঠ সদস্যৰ ভিতৰত যদি ব্যক্তিগত সদস্য তিনিভাগৰ এভাগৰ বেছি হয় ব্যক্তিগত সদস্যসকলক সম্পাদকে আহ্বান কৰা এখন বিশেষ সভাত নিৰ্ধাৰিত কৰা ধৰণে উপবিধিত প্ৰতিনিধিত্ব কৰাৰ দৰে বছৰেকীয়া সাধাৰণ সভা ৩০ দিনৰ বেছি আগত নহয়। সেই বোৰ ব্যক্তিগত সদস্য যিবোৰ ব্যক্তিগত গোটৰ প্ৰতিনিধি, তেওঁলোকে বছৰেকীয়া আৰু সাধাৰণ সভাৰ তিনিভাগৰ এভাগ সদস্যপদ গঠন কৰিব নিশ্চিত বছৰটোৰ সময়চোৱাত। এনেকুৱা নিৰ্বাচিত প্ৰতিনিধিসকলৰ মাত্ৰ অধিকাৰ থাকে সভাত উপস্থিত থকা আৰু ভোট প্ৰদান কৰাৰ।
     

    (৩) যদি সমবায় সমিতিৰ সাধাৰণ গোটে সিদ্ধান্ত লয় যে ইয়াৰ সদস্যপদৰ এলেকা আৰু ধৰণ এটা সঁজাতি দলৰ প্ৰতিনিধি গোট অতি জৰুৰী কাৰ্য্যকৰী সিদ্ধান্ত লোৱাৰ কাৰণে। ইয়াৰ উপবিধিয়ে ব্যৱস্থা দিয়ে এটা সৰু গোটৰ যাক কোৱা হয় `সঁজাতিদল`। উপবিধি অনুসৰি বছৰেকীয়া সাধাৰণ সভাত সদস্যসকলৰ মাজৰ পৰা নিৰ্বাচিত কৰা গোটে এনেকুৱা ক্ষমতা কাৰ্য্যকৰী কৰি আৰু উপবিধিত স্পষ্ট কৰি দিয়া ধৰণে সাধাৰণ গোটৰ কৰ্তব্য পালন কৰে।

    বছৰেকীয়া সাধাৰণ সভাত বিষয়বস্তুৰ ওপৰত আলোচনা:

    1. আনবোৰৰ উপৰিও তলত উল্লেখ কৰা বিষয়বস্তু সমূহক ব`ৰ্ডে প্ৰয়োজনীয় বুলি বিবেচনা কৰি লৈছে বছৰেকীয়া সাধাৰণ সভাৰ দ্বাৰা মোকাবিলা কৰিবলৈ।:
      • ডেলিগেট্ছ আৰু প্ৰতনিধি সকলৰ নিৰ্বাচন, যদি পতিত হয়।
      • দীৰ্ঘম্যাদী পৰিকল্পনা আৰু বাজেটৰ বিবেচনা, প্ৰয়োজন সাপেক্ষে।
      • সাম্প্ৰতিক বিত্তীয় বছৰৰ কাৰণে বাৰ্ষিক কাৰ্য্য পৰিকল্পনা আৰু বাজেটৰ বিবেচনা।
      • যদি নিৰীক্ষিত নহয় একাউণ্টৰ অস্থায়ী বিত্তীয় বিবৃতিক অন্তৰ্ভূক্ত কৰি পূৰ্ববতী বিত্তীয় বৰ্ষৰ কাৰণে কাৰ্য্যসূচীৰ বাৰ্ষিক প্ৰতিবেদেনৰ বিবেচনা।
      • একাউণ্টৰ নিৰীক্ষিত বিত্তীয় বিবৃতিৰ বিবেচনা আৰু পূৰ্ববতী বিত্তীয় বছৰৰ বা বছৰৰ লগত সম্পৰ্কিত অডিটৰৰ প্ৰতিবেদন।
      • বিচ্যুতিৰ ওপৰত প্ৰতিবেদনৰ বিবেচনা, যদি পূৰ্ববতী বিত্তীয় বৰ্ষৰ লগত সম্পৰ্কিত অনুমোদিত কোনো বাজেট থাকে।
      • পূৰ্ববতী বিত্তীয় বছৰৰ পৰিশিষ্ট, যদি থাকে তাৰ নিষ্পত্তি।
      • পূৰ্ববতী বিত্তীয় বছৰৰ ঘাটি, যদি থাকে তাৰ ব্যৱস্থাপনা।
      • নিৰ্দিষ্ট সংৰক্ষণ আৰু অন্যান্য নিধি গঠন।
      • সংৰক্ষণ আৰু অন্যান্য নিধি সমূহৰ প্ৰকৃত ব্যৱহাৰৰ পৰ্য্যালোচনা।
      • পৰিচালকৰ বৈঠকৰ উপস্থিতিৰ ওপৰত প্ৰস্তুত কৰা প্ৰতিবেদনৰ পৰ্য্যালোচনা।
      • পৰিচালকৰ দ্বাৰা সমবায় সমিতি সমূহৰ সেৱাৰ ব্যৱহাৰৰ পৰ্য্যালোচনা।
      • আভ্যন্তৰীণ অডিটৰৰ নিযুক্তি, কোনো সঞ্চালক বা কোনো সমিতিৰ সদস্য বা আভ্যন্তৰীণ অডিটৰক তেওঁৰ কৰ্তব্যৰ সেই ক্ষমতা অনুযায়ী বা সংশ্লিষ্ট বৈঠকত তেওঁ উপস্থিতিৰ লগত সংগতি ৰাখি দিব লগা দৰমহা নিৰ্ধাৰণ।
      • সদস্য সকলৰ প্ৰদত্ত সেৱা সমূহৰ নিচিনাকৈ অ-সদস্য সকলৰ প্ৰদত্ত সেৱাৰ মাত্ৰা আৰু শতাংশৰ পৰ্য্যালোকন।
      • সদস্যৰ শিক্ষা আৰু সঞ্চালক আৰু কৰ্মচাৰী বৃন্দৰ প্ৰশিক্ষণৰ লগত জড়িত কাৰ্য্যসূচী আৰু হিছাপৰ প্ৰতিবেদন।
      • কোনো বিষয়ৰ বিবেচনা যিটো উপ বিধি অনুসৰি সাধাৰণ সভাৰ বৈঠকত উপস্থাপন কৰিব পাৰি।
      • সদস্য সকলৰ নিষ্কাষণ।
      • আপীলৰ নিষ্পত্তি।
      • সঞ্চালক মণ্ডলীৰ সদস্য সকল আৰু ব`ৰ্ডৰ দ্বাৰা নিযুক্তি প্ৰাপ্ত বিষয়া সকলৰ সঞ্চালন সংহিতাৰ প্ৰণয়ন।
    2. তেনেকুৱা আন বিষয়বস্তুৰ ভিতৰত তলত উল্লেখ কৰা বিষয়সমূহ ব`ৰ্ডৰ দ্বাৰা দৰকাৰী বুলি বিবেচনা কৰা হৈছে বা যিবোৰ নিৰ্দিষ্টকৈ নিৰ্ধাৰণ কৰা হৈছে, সাধাৰণ গোটৰ বাবে আইনৰ আন ব্যৱস্থাবোৰৰ অধীনত সাধাৰণ গোটৰ দ্বাৰা সম্পাদন কৰিব লগা ইয়াৰ বছৰেকীয়া বা সাধাৰণ সভাত, দৰাচলতে:
      • উপবিধিৰ সংশোধন
      • সঞ্চালকক স্থানান্তৰ কৰি নতুন সঞ্চালকৰ নিৰ্বাচন
      • গৌণ সমবায় সমিতিৰ সমবায় সমিতিৰ সদস্যপদ
      • আন সমবায় সমিতিৰ লগত অংশীদাৰীত্ব
      • সম্পত্তি আৰু দায়িত্বৰ সংমিশ্ৰণ, বিভাজন, একত্ৰীকৰণ, স্থানান্তৰ কৰা
      • সমবায় সমিতিৰ ভংগকৰণ
      • অনুসন্ধান আৰু কাৰ্য্যকৰী ব্যৱস্থা গ্ৰহণ কৰা বা অনুসন্ধান সম্পূৰ্ণ নকৰাৰ কাৰণ দৰ্শাই যুগুত কৰা পঞ্জীয়কৰ প্ৰতিবেদনৰ সমীক্ষা চলোৱা।
    3. সকলোবোৰ সঞ্চালকৰ সঞ্চালন ওৰ পৰিব বছৰেকীয়া সাধাৰণ সভাৰ তাৰিখত যদি হিচাপ বহীৰ বছৰেকীয়া বিত্তীয় বিবৃতি আৰু বিত্তীয় বছৰৰ কাৰণে কাৰ্য্য প্ৰণালীৰ বছৰেকীয়া প্ৰতিবেদন ইচ্ছাকৃতভাৱে বছৰেকীয়া সাধাৰণ সভাৰ সদস্যৰ পৰিদৰ্শনৰ কাৰণে নতুবা বছৰেকীয়া সাধাৰণ সভাত উপস্থাপনৰ বাবে প্ৰস্তুত কৰা নহয় ১৫ দিনৰ আগতে।