মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Registrar of Cooperative Societies Assam

সমবায় সমিতিৰ হিচাপ পৰীক্ষা

  • প্ৰত্যেকটো সমবায় সমিতিয়ে ইয়াৰ মুখ্য কাৰ্য্যালয়ত তলত উল্লেখ কৰা হিচাপ বহী, নথিপত্ৰ আৰু বিভাগীয় নথি জমা ৰাখিব লাগিব।:

    • সমবায় সমিতিৰ দ্বাৰা আৰু তেওঁলোকৰ উদ্দেশ্যত খৰচ কৰা ধন আৰু নগদ ধন প্ৰাপ্তিৰ ৰচিদ।
    • সমবায় সমিতিৰ দ্বাৰা বস্তু কিনা-বেচা হিচাপ।
    • সমবায় সমিতিৰ ধাৰ-ঋণ আৰু ভূ-সম্পদৰ হিচাপ।
     

    কোৱা হ`য় যে এখন সমবায় সমিতিৰ য`ত শাখা কাৰ্য্যলয় আছে তেনেকুৱা শাখা কাৰ্য্যালয় সম্পৰ্কিত হিচাপ বহীৰ সংক্ষিপ্ত বৰ্ণণা মুখ্য কাৰ্য্যালয়ত উপলব্ধ হ`ব লাগিব প্ৰতিটো বিত্ত বৰ্ষৰ তিনিমাহৰ মূৰে মূৰে, তিনিমাহ শেষ হোৱাৰ ১৫দিনৰ ভিতৰত। চলিত বিত্তীয় বৰ্ষৰ আগৰ দহ বছৰৰ হিচাপ বহী চলিত বিত্তীয় বৰ্ষৰ আগৰ দহ বছৰৰ হিচাপ বহী চলিত বিত্ত বৰ্ষৰ লগতে সমৰ্থনযুক্ত নজিৰ আৰু ৰচিদসহ সংৰক্ষণ কৰিব ভৱিষ্যতৰ প্ৰয়োজনৰ কাৰণে।

    হিচাপ পৰীক্ষা:

    • এটা সাধাৰণ বা বিশেষ লিখিত নিৰ্দেশৰ জৰিয়তে পঞ্জীয়কৰ দ্বাৰা কৰ্তৃত্ব প্ৰদান কৰা যিকোনো ব্যক্তি বা বিভাগৰ হিচাপ পৰীক্ষকৰ দ্বাৰা হিচাপ কৰোৱা নতুবা ইয়াৰ হকে কতৃত্ব প্ৰদান কৰা তেনেকুৱা আন ব্যক্তিৰ দ্বাৰা হিচাপ বহী পৰীক্ষা কৰোৱা হ`ব পাৰে। প্ৰত্যোকটো পঞ্জীয়ন সমিতি আৰু দেওলীয়া অৱস্থাত পৰা সমিতিয়ে বছৰত অন্ততঃ এবাৰ হিচাপ বহী প্ৰস্তুত কৰিব।:
      এইটো কোৱা হয় যে ৰাজ্যিক চৰকাৰে চাৰ্টাৰ্ড একাউণ্টেটৰে গঠিত বিশেষজ্ঞ হিচাপ পৰীক্ষকৰ তালিকা এখন পৰিচালন কৰিব আৰু যি কোনো সমিতিৰ বাবে থাকিব বিশেষ সুবিধা এজন হিচাপ পৰীক্ষকৰ দ্বাৰা পৰীক্ষণ কৰা হিচাপ বহী এই পৰীক্ষকৰ তালিকাৰ বাহিৰেও চৰ্ত থাকিব যে এনেকুৱা সমবায় সমিতিৰ হিচাপ বহী বিভাগৰ হিচাপ পৰীক্ষকৰ দ্বাৰা পৰীক্ষা কৰা হ`ব অতি কমেও প্ৰতি তিনি বছৰত এবাৰ।
    • পঞ্জীয়ক নতুবা তেওঁৰ দ্বাৰা কৰ্তৃত্ব প্ৰদান কৰা ইয়াৰ হকে সকলো যুক্তিপূৰ্ণ সময়ত তেওঁৰ অবাধ বিচৰণ থাকিব হিচাপ বহীত, নথি-পত্ৰ, ঋণ-পত্ৰ, নগদ ধন আৰু আন ধন-সম্পত্তি, সমিতিৰ নিজা বা সমিতিৰ জিম্মাত থকা সম্পদৰ ওপৰত আৰু যি-কোনো ব্যক্তিকে তলব কৰিব পাৰিব, দায়িত্ব আৰু অধিকাৰ বা জিম্মাত থকা যিকোনো এনেকুৱা বহী, হিচাপ বহী, নথি-পত্ৰ, ঋণ পত্ৰ, নগদ ধন আৰু আন সম্পত্তি প্ৰদান কৰিবলৈ আৰু তেনেকুৱা তথ্য প্ৰস্তুত কৰা হয় পঠোৱাৰ কাৰণে আৰু সমিতিৰ কাম দি কোনো সুবিধাজনক ঠাইত নতুবা সমিতিৰ মুখ্য কাৰ্য্যালয়ত বা যিকোনো শাখাত একে উপায়ৰ দ্বাৰা আৰু ৰাজহুৱা কাৰ্য্য-প্ৰণালী কোড ১৯০৮ ( চেণ্ট্ৰেল এক্ট ভি অফ ১৯০৮)ত যোগান ধৰা ধৰণে।
    • হিচাপৰ প্ৰতিটো পৰীক্ষা সন্দৰ্ভত এটা পঞ্জীয়ন সমিতিয়ে হিচাপ পৰীক্ষা মাচুল পৰিশোধ কৰিব লাগে সমবায় সমিতিৰ পঞ্জীয়কৰ দ্বাৰা নিৰ্ধাৰিত কৰা ধৰণে আৰু তেনেকুৱা মাচুল সমিতিৰ ফালৰ পৰা দিব লগা শ্ৰেষ্ঠ দেয় বুলি বিবেচনা কৰা হয়।
    • প্ৰতিখন সমবায় সমিতিৰ হিচাপ পৰীক্ষা কৰা হয় বিত্তীয় বৰ্ষ শেষ হোৱাৰ ছমাহৰ ভিতৰত যিটোৰ লগত হিচাপ বহীখন সম্পৰ্কিত।
      পঞ্জীয়কৰ ক্ষমতা আছে হিচাপ বহীৰ বিৱৰণ লিখি উলিয়াবলৈ- যদি এটা পঞ্জীয়ন সমিতিৰ হিচাপ বহী পৰীক্ষা কৰা কাম সময়ত সম্পূৰ্ণ নহয় পঞ্জীয়ক বা তেওঁৰ অনুমোদনত হিচাপ পৰীক্ষা কৰা বিষয়াই কাৰণ জাৰি কৰি হিচাপ বহীৰ হিচাপ বিৱৰণ লিখি উলিয়াব পাৰে সমিতিৰ খৰচত। তেনেকুৱা খৰচৰ বাবে হিচাপ পৰীক্ষকজনৰ দ্বাৰা মূলমান উদ্ধাৰ হ`ব লাগে সংশ্লিষ্ট সমিতিৰ ফালৰ পৰা হিচাপ পৰীক্ষা কৰা মাচুলৰ লগতে।
     

    কিছুমান ব্যয় অডিট মাচুলৰ লগতে সংশ্লিষ্ট সমিতিৰ পৰা অডিটৰৰ দ্বাৰা আদায় দিয়া হ`ব।

    হিচাপ পৰীক্ষা কৰা ধৰণ-প্ৰকৃতি:

    আনবোৰৰ ভিতৰত হিচাপ পৰীক্ষা অৰ্ন্তভুক্ত হ`ব

    • ঋণপত্ৰ আৰু ৰাহি ধনৰ সত্যাসত্য নিৰূপণ
    • জমাকাৰী আৰু ঋণ গ্ৰহণকাৰীৰ ঋণৰ বাকী অংশৰ পৰীক্ষা অৰু সমিতিৰ ধৰুৱাই পৰিশোধ কৰিবলগীয়া দেয়ৰ সত্যতা নিৰূপণ কৰা হ`ব।
    • যদি কিবা থাকে, নিৰ্ধাৰিত সময় উকলি যোৱা ঋণৰ ওপৰত এটা পৰীক্ষা চলাব।
    • সমিতিৰ ধাৰ-ঋণ আৰু সম্পত্তিৰ মুল্যাংকণৰ লগতে মজুত বস্তুৰ ওপৰত এটা পৰীক্ষা চলাব।
    • সমিতিৰ পৰিচালন সমিতিৰ দ্বাৰা প্ৰস্তুত কৰা হিচাপ নিকাচৰ প্ৰতিবেদন আৰু হিচাপৰ বৰ্ণনাৰ ওপৰত এটা পৰীক্ষা এনে ধৰণে চলিব যিটো পূৰ্বতে নিৰ্ধাৰণ কৰা হ`ব পাৰে।
    • মূল্য মানত উদ্ধাৰ হোৱা লাভৰ প্ৰমাণপত্ৰ আৰু
    • অন যিকোনো প্ৰাসংগিক বিষয়ৰ লগত
     

    হিচাপ পৰীক্ষকৰ প্ৰতিবেদন:

    হিচাপ পৰীক্ষা সম্পূৰ্ণ হোৱা তাৰিখৰ পৰা এটা পক্ষৰ ভিতৰত হিচাপ পৰীক্ষকে পঞ্জীয়ন সমিতি আৰু পঞ্জীয়কৰ ওচৰত দাখিল কৰিব। এটা পঞ্জীয়ন সমিতিয়ে পঞ্জীয়কৰ দ্বাৰা যোগান ধৰা সুযোগ এটা পাব যিকোনো ভূল-ত্ৰুটিৰ ওপৰত ব্যাখ্যা দাঙি ধৰিবলৈ বা অনিয়মিতা দেখুৱাই দিব আৰু হিচাপ পৰীক্ষক বিষয়াৰ দ্বাৰা আপত্তি কৰিব পৰা আৰু তাৰ পাছৰ পৰা সমিতিয়ে তেনেকুৱা সময়ৰ ভিতৰত আৰু পঞ্জীয়কে নিৰ্দেশ কৰিব পৰা ধৰণে, তেনেকুৱা অনিয়মিতা আৰু অভিযোগৰ প্ৰতিকাৰ কৰি আৰু পঞ্জীয়কলৈ প্ৰতিবেদন প্ৰেৰণ কৰাৰ পাছত ইয়াৰ দ্বাৰা কাৰ্য্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হ`ব।

    সকলো সমিতিৰ ব`ৰ্ডে হিচাপ পৰীক্ষকৰ প্ৰতিবেদনৰ ওপৰত কামটো শেষ কৰিবলৈ কাৰ্যপন্থা হাতত ল`ব আৰু সমিতিৰ বছৰেকীয়া সাধাৰণ সভাৰ দ্বাৰা প্ৰতিবেদন গ্ৰহণ কৰাৰ তিনিমাহৰ ভিতৰত পঞ্জীয়কৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব। উপৰোক্ত বিষয়ৰ অবাধ্যতাই কাৰ্য্য কৰাৰ ক্ষেত্ৰত ব`ৰ্ড খনক অৰ্হতাহীন কৰিব তিনিমাহৰ অন্ত কালত।