মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Registrar of Cooperative Societies Assam

পঞ্জীয়ন বাতিল/ ৰাজ্যিক সমবায়ৰ দেওলীয়া অৱস্থা

পঞ্জীয়ন বাতিল কৰাৰ বাবে কাৰ্য্য-প্ৰণালী:

  1. যদি পঞ্জীয়ক বা তেনেকুবা আন কৰ্তৃপক্ষই তেওঁৰ হকে আবেদন পত্ৰ গ্ৰহণ কৰে, চাৰি ভাগৰ তিনিভাগ সদস্য উপস্থিত থকা সাধাৰণ সভাই লোৱা সিদ্ধান্ত মৰ্মে সভাই ভংগকৰণৰ জাননী জাৰি কৰাৰ পাছত ধাৰা ৮৭ ৰ অধীনত এটা অনুসন্ধান কৰা হয় নতুবা ধাৰা ৮৮ ৰ অধীনত পৰিদৰ্শন কৰাৰ পাছত পঞ্জীয়কে সমিতিখনৰ পঞ্জীয়ন বাতিল কৰিব পাৰে এখন লিখিত আদেশৰ জৰিয়তে ।
  2. ৮৭ নং ধাৰাৰ অধীনত অনুসন্ধান কৰি নতুবা ৮৮ ধাৰাৰ অধীনত পৰিদৰ্শন কৰাৰ পাছত পঞ্জীয়কে সমিতিৰ পঞ্জীয়ন বাতিল কৰিব পাৰে--- যিটো---(১)
  3. সমিতি বাতিলকৰণৰ নিৰ্দেশৰ প্ৰতিলিপি এটা চৰকাৰী গেজেটত প্ৰকাশ কৰিব লাগে জাননী জাৰিৰ দ্বাৰা যিটোৰে সমিতিখনক আৰু আন যি কোনো অনুমোদন প্ৰাপ্ত সমিতিক অৱগত কৰিব ডাক যোগে কৰা যোগাযোগৰ জৰিয়তে । ধাৰা নং ৯৫ৰ অধীনত নিযুক্তপ্ৰাপ্ত হিচাপ পৰীক্ষকৰ নাম জাননীত অন্তৰ্ভূক্ত কৰিব যিজনে তেতিয়াৰ পৰা সমিতিৰ সম্পূৰ্ণ দায়িত্ব ল`ব লাগিব আৰু উক্ত সমিতিখনৰ বিৰুদ্ধে থকা সকলোবোৰ দাবী জাননী জাৰি কৰাৰ দুমাহৰ ভিতৰত পূৰ কৰিব । সমিতিৰ একাউণ্ট বুকত টুকি ৰখা সকলোবোৰ ধাৰ-ঋণ স্বয়ংসিদ্ধভাবে দাবী বিবেচনা কৰা হ`ব ।
  4. যেতিয়া এখন সমিতিৰ পঞ্জীয়ন বাতিলকৰণ কাৰ্য্যকৰী হয় সেই সমিতিখন সমবায়ৰ গোট হিচাবে বৰ্তি থাকিব নোৱাৰিব, কিন্তু হিচাপ পৰীক্ষকৰ ওপৰত তাৰ দায়িত্ব ন্যস্ত থাকিব ।
  5. বাতিলকৰণৰ আদেশ প্ৰকাশ হোৱা তাৰিখৰ পৰা দুমাহৰ ভিতৰত সমিতিৰ যিকোনো সদস্যই ৰাজ্যিক চৰকাৰৰ ওচৰত আপিল কৰিব পাৰিব ।
  6. সমিতিৰ পঞ্জীয়ন বাতিলকৰণৰ আদেশ প্ৰকাশ হোৱাৰ দুমাহৰ ভিতৰত য`ত এখন আপিল আবেদন উপস্থাপন কৰা হয়, অন্তকালিন সময়ত সেই নিৰ্দেশটো কাৰ্য্যকৰী হ`ব ।
  7. বাতিলকৰণৰ নিৰ্দেশৰ ওপৰত দুমাহৰ ভিতৰত যেতিয়া আপিল কৰা হয় ৰাজ্য চৰকাৰৰ দ্বাৰা নিশ্চিত নকৰা পৰ্য্যন্ত আদেশ কাৰ্য্যকৰী নহ`ব আৰু তেনেকুৱা নিশ্চিতকৰণ ডাকযোগে সমিতিক অৱগত কৰা হ`ব ।
 

শেষত, হিচাপ পৰীক্ষকৰ নিযুক্তি, ক্ষমতা আৰু কাৰ্য্য:

  1. ধাৰা নং ৯৪ ৰ অধীনত পঞ্জীয়কৰ দ্বাৰা এখন সমিতিৰ পঞ্জীয়ন বাতিলৰ আদেশ তৈয়াৰ কৰা হয়, তেওঁ যিকোনো এজন লোকক সমিতিৰ হিচাপ পৰীক্ষক হিচাবে নিযুক্তি দিব পাৰে আৰু তেনেকুৱা লোকক আঁতৰাই আন লোকক নিয়োগ কৰিব পাৰে ।
  2. উপ-ধাৰা- (১) ৰ অধীনত হিচাপ পৰীক্ষক নিয়োগ হোৱা দিনৰ পৰা ক্ষমতাৰ অধিকাৰ তৎকালিনভাৱে প্ৰয়োগ কৰিব পাৰিব । সমিতিৰ সকলো সা-সম্পত্তিৰ ওপৰত, কাৰ্য্যকৰী আৰু কৰ্তৃবাচ্য দাবী নিষ্পন্ন কৰিব পাৰিব নতুবা সমিতিৰ অধিকাৰত থকা, পুথি, আন নথি-পত্ৰ, মোকৰ্দ্দমা আৰু বিভাগীয় নথি, সমিতিৰ ব্যৱসায়ীক পত্ৰৰ বাহিৰে আৰু সমিতিৰ স্বাৰ্থত, সমিতিৰ দায়িত্বভাৰ ল`ব । ৯৪ ধাৰাৰ ব্যৱস্থা স্বত্বেও সমিতিখন অন্ত পেলোৱাৰ পদক্ষেপ নোলোৱা পৰ্য্যন্ত স্থগিতকৰণৰ আদেশ পৰি থকা সময়চোৱাত, দায়িত্ব লৈ থাকিব পাৰিব ।
  3. পঞ্জীয়কৰ সাধাৰণ নিয়ন্ত্ৰণৰ অধীনত হিচাপ পৰীক্ষকৰ ক্ষমতা থাকিব, সমিতিৰ অন্তকৰণৰ বাবে প্ৰয়োজন হ`লে সমিতিৰ হকে কাৰ্য্য চলাই যাব পাৰিব । দৰকাৰী নথি-পত্ৰেৰে সকলোবোৰ কাৰ্য্য সম্পাদন কৰা বিশেষকৈ বাতিলকৰাৰ বাবে তলত উল্লেখ কৰা ক্ষমতাসমূহ প্ৰয়োগ কৰিব লাগিব ।
    1. প্ৰতিষ্ঠা কৰা, আপোচ কৰা আৰু মোকৰ্দ্দমা প্ৰতিহিত কৰা আৰু সমিতিৰ হকে আন বৈধ কাম কাজ সম্পাদন কৰিবলৈ
    2. যিকোনো ব্যক্তিৰ মাজত বা সমিতিৰ লগত বৰ্তি থকা বিবাদ মীমাংসা কৰিবলৈ
    3. সমিতিৰ মুঠ সদস্যৰ উত্তৰাধিকাৰী, বৈধ প্ৰতিনিধি, মনোনীত লোক, অতীতৰ সদস্যৰ কাৰণে হোৱা বিতৰ্ক বা বিবাদ নিষ্পত্তি কৰিবলৈ
    4. সদস্যসকলৰ দ্বাৰা সময়ে সময়ে বৰঙণি নিৰ্ধাৰণ কৰিবলৈ, সমিতিৰ সম্পত্তিৰ ওপৰত পূৰ্বৰ বিষয়া, যিকোনো বিষয়া, মুঠ সদস্যৰ বৈধ প্ৰতিনিধি, মনোনীত লোক, অতীত বা বৰ্তমানৰ যিকোনো সদস্য, দেওলীয়া হোৱাৰ ফলত সদস্য বা যিকোনো ব্যক্তিৰ মাজত চলা বিবাদ নিষ্পত্তি কৰিবলৈ
    5. ঋণ পৰিশোধৰ খৰচৰ হিচাপ কৰিবলৈ আৰু কোন ব্যক্তিৰ দ্বাৰা, কোন অংশত, কি অনুপাতত, সেইবোৰৰ উৎপত্তি আদি
    6. দাবীদাৰৰ মাজত অগ্ৰাধিকাৰৰ প্ৰশ্নৰ ওপৰত সিদ্ধান্ত ল`বলৈ আৰু সমিতিৰ বিৰুদ্ধে থকা দাবীবোৰৰ অনুসন্ধান আৰু এই আইনৰ ব্যৱস্থা বোৰ গ্ৰহণ কৰা
    7. তেওঁলোকৰ নিজৰ নিজৰ অগ্ৰাধিকাৰ অনুসৰি পঞ্জীয়ন বাতিল কৰা তাৰিখলৈ সূতসহ সমিতিৰ ধন পৰিশোধ কৰিব, যদি কিবা থাকে, সংৰক্ষিত পূঁজি অন্তৰ্ভূক্ত কৰি সমিতিৰ সকলো সম্পত্তি, অনুমতিপত্ৰ, অতিৰিক্ত জমাধন, বাতিলকৰণৰ তাৰিখৰ পৰা পৰিশোধ কৰাৰ পাছত থকা অৱশিষ্টৰ সূত পৰিশোধৰ বাবে কৰা আবেদন, তেওঁৰ দ্বাৰা নিৰ্ধাৰিত কৰা হাৰত যিকোনো ক্ষেত্ৰতে কিন্তু প্ৰতিশ্ৰুত হাৰতকৈ বেছি হ`ব নোৱাৰে ।
    8. যদি দৰকাৰ হয় ১০২ ধাৰাৰ ব্যৱস্থা অনুসৰি নিৰ্ধাৰিত দেয় অদায়ৰ বাবে পদক্ষেপ হাতত ল`বলৈ
    9. ধাৰা ৯৬ অনুসৰি সমিতিক পৰিশোধ কৰি ৰোৱা যদি কিবা অৱশিষ্ট থাকে তাক বিক্ৰী কৰা ।
  4. এই আইনৰ অধীনত থকা ব্যৱস্থা কাৰ্য্যকৰী কৰিবলৈ এজন হিচাপ পৰীক্ষক নিয়োগ কৰা হয় ধাৰা নং ৯৫ৰ অধীনত । এই ধাৰাৰ উদ্দেশ্য সাধন কৰিবলৈ এনে ক্ষমতাবোৰৰ প্ৰয়োজন হ`য়, তলব আৰু সাক্ষীৰ ৰখীয়াক বাধ্য কৰাৰ ক্ষমতা আৰু দাবী কৰিব পাৰে কিতাপ, একাউণ্ট, নথি-পত্ৰ, প্ৰতিৰক্ষক, নগদ ধন নতুবা অধিকাৰত থকা সা-সম্পত্তি বা সমিতিৰ জিম্মাত থকা একেধৰণৰ বয়-বস্ত আৰু যিমান সম্ভৱ পাৰি একে ধৰণে ১৯০৮ (ভি ১৯০৮) ৰ আইনৰ অসামৰিক কাৰ্য্য-প্ৰণালীৰ অধীনত থকা ব্যৱস্থাৱলীৰে ।
  5. সাময়িক সময়ৰ বাবে বলবৎ হোৱা আইনৰ অন্তৰ্ভূক্তি স্বত্বেও, যদি কিবা ভূমিগত সম্পত্তি এজন হিচাপ পৰীক্ষকৰ দ্বাৰা হস্তগত হয় লগে লগে তেওঁৰ নাম কাৰ্যালয়ৰ পৰা পৰিৱৰ্তন কৰা হ`ব, কাৰ্য্যকৰী হ`ব আৰু কোনো আদালতে ইয়াত প্ৰশ্ন তুলিব নোৱাৰিব সম্পত্তিহীনতাৰ ভিত্তিত, সম্পত্তিৰ অভাৱ বা বস্তুহাৰা অৱস্থাত । সকলো ধাৰ-ঋণ, মূলধনৰ অংশ পৰিশোধ কৰাৰ পাছত এখন আহত সমবায় সমিতি বহিব পাৰে, জমা সা-সম্পত্তি সদস্যবোৰৰ মাজত কিন্তু ভাগ কৰিব নোৱাৰে । যেতিয়া উপ-ধাৰাত কোনো নিৰ্ধাৰিত বিষয় নাথাকিব সমবায় উন্নয়ন পুঁজিৰ বাবে উপ-ধাৰাত বৰ্ণিত বিষয়ত আবেদন কৰিব ।
 

সহযোগী বিভাগে উদ্যোগ লোৱা ১০০ দিনৰ ভিতৰত পঞ্জীয়ন হোৱা সমবায় সমিতিৰ সংখ্যা

ক্ৰমিক নং

সমিতিৰ প্ৰকাৰ

সংখ্যা

১.

মিতব্যয়িতা আৰু বিত্তীয় লেনদেন সমবায়

১৩

২.

মহিলা সমবায় সমিতি

১৬

৩.

উদ্যোগীক সমবায় সমিতি

২০

৪.

হাঁহ-কুকুৰা পালন সমবায় সমিতি

৫.

গো-পালন সমবায় সমিতি

১১

৬.

কৃষি পাম সমবায় সমিতি

১৫

৭.

প্ৰাথমিক গৃহ নিৰ্মাণ সমবায় সমিতি

১৫

৮.

মীন পালন সমবায় সমিতি

১৪

৯.

গাহৰি পালন সমবায় সমিতি

১৭

১০.

ব্যৱসায়ীক সমবায় সমিতি

১১.

কুকুৰা পালন সমবায় সমিতি

১০

১২.

পৰিবহন সমবায় সমিতি

১৩.

প্ৰক্ৰিয়াকৰণ সমবায় সমিতি

১৪.

কাঠৰ কাৰবাৰ সমবায় সমিতি

১৫.

ছাগলী পালন সমবায় সমিতি

১৬.

বিদ্যালয় প্ৰতিষ্ঠা সমবায় সমিতি

১৭.

শ্ৰম আৰু চুক্তি কৰ্ম সমবায় সমিতি

১৮.

কেণ্টিন সমবায় সমিতি

১৯.

প্ৰথমিক গ্ৰাহক সমবায় সমিতি

মুঠ

১৫১