একেধৰণে সমিতিৰ যিকোনো সদস্য, বিষয়া বা কৰ্মচাৰীৰ, অতীত বা বৰ্তমান, পঞ্জীয়নভূক্ত সমিতিৰ আচৰণ সম্পৰ্কীয় বিষয়ৰ অনুসন্ধান পঞ্জীয়কে কৰিব। বৰ্তমান সমিতিৰ নিয়ন্ত্ৰন বা পৰিচালন গোটৰ বা হিচাপ পৰীক্ষা বা যিকোনো ঋণ গ্ৰহণ কৰোঁতা নতুবা আন পঞ্জীয়নকৃত সমিতিৰ আবেদনৰ ওপৰত ভিত্তি কৰি যাক সমিতিয়ে সভ্য কৰি লৈছে বা বৰঙণি দি আছে।
তেনেকুৱা অনুসন্ধানৰ এনেকুৱা সদস্য, বা বিষয়া বা কৰ্মচাৰীক এনেকুৱা এটা শুনানিৰ সুযোগ দিয়া হয় আৰু উপবিধি, ধাৰা বা এই আইনৰ ব্যৱস্থাৰ বিৰুদ্ধে পৰিশোধ যদি কৰিব লগা থাকে পাছত তেনে সদস্য, বিষয়া বা কৰ্মচাৰীক সময় প্ৰদান কৰা হয় ধৰুৱাত পৰা ধনৰ পৰিমান উদ্ধাৰ কৰি সমিতিৰ পুঁজিত জমা কৰিবলৈ। যদি তেনেকুৱা সদস্য, বিষয়া বা কৰ্মচাৰীয়ে সেই ধনৰ পৰিমাণ উদ্ধাৰ কৰিবলৈ অপাৰগ হয় তেতিয়া পঞ্জীয়কে এখন লিখিত নিৰ্দেশৰ দ্বাৰা তেনেকুৱা সদস্য, বিষয়া বা কৰ্মচাৰীক দাবী জনাব সেই পৰিমাণৰ ধন পঞ্জীয়কে নিৰ্দেশ কৰা ধৰণে সূতসহ পৰিশোধ কৰিবলৈ, সেই সমিতিৰ ক্ষতিপূৰণৰ বাবদ পঞ্জীয়কে যোগ্য বুলি বিবেচনা কৰা ধৰণে তেনেকুৱা পৰিশোধৰ বাবে হোৱা লোকচানৰ কাৰণে নতুবা সেই সম্পত্তিৰ পুনৰ সংস্থাপন কৰিবলৈ আৰু সেই ধৰণৰ ধনৰাশি পঞ্জীয়কে নিৰ্দিষ্ট কৰা ধৰণে পৰিশোধ কৰিবলৈ সকলো প্ৰস্তুতিৰ খৰচ এই আইনৰ অধীনত বহন কৰাৰ বাবদ।