মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Registrar of Cooperative Societies Assam

ৰাজ্যিক পৰ্য্যায়ৰ সমবায় সংগঠন সমূহ

ক্ৰ: নং

সমিতিৰ নাম

পূৰ্বাঞ্চল কৃষি প্ৰক্ৰিয়াকৰণ ও চাহ পণ্যাগাৰ সমবায় সমিতি লিঃ

অসম শীৰ্ষ মীন বিপণন ও প্ৰক্ৰিয়াকৰণ সংঘ লিঃ

পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিঃ

অসম পলিয়েষ্টাৰ সমবায় লিঃ

অসম ৰাজ্যিক সমবায় গৃহনিৰ্মাণ সংঘ লিঃ

অসম ৰাজ্যিক সমবায় সংঘ লিঃ

অসম ডিপ্ল`মা ইঞ্জিনীয়েৰচ ৱেলফেয়াৰ ক`অপাৰেটিভ ছ`ছাইটী লিঃ

অসম পাচলি উৎপাদক সমবায় সমিতি লিঃ

অসম ৰাজ্যিক শিক্ষা উন্নয়ন সমবায় সমিতি লিঃ

১০

অসম সমবায় মৰাপাট কল লিঃ

১১

অসম ৰাজ্যিক সমবায় ফেডাৰেছন লিঃ

১২

অসম বহুমুখী সমবায় সমিতি লিঃ

১৩

অসম বয়নশিল্পী সমবায় সমিতি লিঃ

১৪

অসম নৱ নিৰ্মাণ বহুমুখী সমবায় সমিতি লিঃ

১৫

কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱিক বৈচিত্ৰ এছ এছ লিঃ

১৬

শৰৎ চন্দ্ৰ সিংহ সমবায় চেনি-কল লিঃ

১৭

নাৱিকা বহুমুখী সমবায় সমিতি লিঃ

১৮

আভ্যন্তৰীণ জল পথ( অসম খণ্ড মণ্ডল) সমবায় সমিতি লিঃ

১৯

ব্ৰহ্মপুত্ৰ বেচা-কিনা আৰু প্ৰক্ৰিয়াকৰণ এছ এছ লিঃ

২০

শ্ৰী মন্ত শংকৰ দেৱ সঙ্ঘ চি চি লিঃ

২১

অসমী থ্ৰিফ্‌ট এণ্ড ক্ৰেডিট সমবায় সমিতি লিঃ

২২

প্ৰচেষ্টা থ্ৰিফ্‌ট এণ্ড ক্ৰেডিট সমবায় সমিতি লিঃ

২৩

অনুসূচীত জাতি থ্ৰিফ্‌ট এণ্ড ক্ৰেডিট সমবায় সমিতি লিঃ

২৪

অসম চক্ৰ বি এছ এন এল সমবায় ঋণ সমবায় সমিতি লিঃ

২৫

এছ বি আই থ্ৰিফ্‌ট এণ্ড ক্ৰেডিট সমবায় সমিতি লিঃ

২৬

এছকাৰ্ড বেংক

২৭

কামৰূপ দূৰ সংযোগ বি এছ এন এল কৰ্মচাৰী থ্ৰিফ্‌ট এণ্ড ক্ৰেডিট সমবায় সমিতি লিঃ দিশপুৰ গুৱাহাটী-৬

২৮

সেতু থ্ৰিফ্‌ট এণ্ড ক্ৰেডিট সমবায় সমিতি লিঃ

২৯

ইউনিয়ন সমবায় বেংক

৩০

অসম গ্ৰামীণ উন্নয়ন সংঘ ( এ আৰ ডি ইউ) থ্ৰিফ্‌ট এণ্ড ক্ৰেডিট চি এছ লিঃ

৩১

অসম কৃষক উৎপাদক সমবায় সমিতি লিঃ

৩২

অসম চাহ বাগান মালিক সন্থা সমবায় সমিতি লিঃ

৩৩

অসম কেডাৰ মেনেজমেণ্ট সমবায় সমিতি লিঃ

৩৪

অসম সমবায় এপেক্স বেংক লিঃ

১. অসম সমবায় এপেক্স বেংক লিমিটেড:

অসমত সমবায় ঋণ সংৰচনাক দুটা স্তৰত ভাগ কৰা হৈছে। অসম সমবায় এপেক্স বেংক লিঃ ঊৰ্দ্ধ স্তৰত আৰু জি পি এছ এছ/এল এম পি এছ (পি এ চি এছ)সমূহ সংৰচনাৰ নিম্ন স্তৰত আছে।

অসম সমবায় এপেক্স বেংক লিমিটেড প্ৰধানতঃ কৃষি খণ্ডত ঋণ প্ৰদানৰ সেৱা প্ৰদান কৰি আহিছে। বৰ্তমান বেংকটোৱে হ্ৰস্বকালীন সমবায় ঋণ সংৰচনাত(এছ টি চি চি এছ) মনোনিবেশ কৰি আছে। কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ পৰা পুনৰুত্থান সহায় গ্ৰহণৰ পিছত, বেংকৰ আৰ্থিক অৱস্থাৰ উন্নতি হৈছে আৰু আৰ্থিক লাভ অৰ্জন কৰিবলৈ সক্ষ্যম হৈছে।বেংকে মুঠ লাভ অৰ্জন কৰিছে ২০১৬-১৭ বছৰত ১৫৪৮.৫৯ লাখ টকা।পাণবজাৰ,গুৱাহাটীত অৱস্থিত মুখ্য কাৰ্য্যালয়ৰ বাহিৰেও গোটেই অসম জুৰি এপেক্স বেংকৰ ৬৭ টা শাখা আছে। এপেক্স বেংকৰ সকলো শাখা কম্পিউটাৰাইজ আৰু ই ক`ৰ বেংকিং সমিধান ৰূপায়িত কৰিছে। অন্যান্য ৰাষ্ট্ৰীয়কৃত আৰু বাণিজ্যিক বেংকৰ নিচিনাকৈ এপেক্স বেংকেও আৰ টি জি এছ/এন ই এফ টি পৰিচালনা কৰে। বেংকৰ মূলধন বিপদ গধূৰ সম্পত্তিৰ অনুপাত অনুসৰি ১০.৬৫% অৰ্জিত হয় যি অন্য দেশৰ ৰাষ্ট্ৰীয়কৃত সমবায় বেংক সমূহৰ সম্পতিৰ তুলনাত এটা ভাল আৰ্দশ হিছাবে গ্ৰহণ কৰা যায়। বেংক ব্যৱস্থাপনাই গ্ৰাহকক সুবিধা প্ৰদানৰ কাৰণে আৰু অন্য বেংক সমূহৰ লগত প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে এ টি এম ব্যৱস্থাৰ চিন্তা কৰিছে।

২. অসম ৰাজ্যিক কৃষি আৰু গ্ৰামীণ বিকাশ বেংক লিমিটেড ( এ এছ চি এ আৰ ডি):

অসম ৰাজ্যিক কৃষি আৰু গ্ৰামীণ বিকাশ বেংক লিমিটেড গঠন হৈছিল ১৯৫৫-৫৬ চনত। ই এটা ভূমি বন্ধকী বেংক। এই বেংকটো বেংক ৰেগুলেচন আইনৰ অধীনস্থ বেংক নহয় কিন্তু অসম সমবায় ভূমি বন্ধকী বেংক আইন, ১৯৬০ আৰু অসম সমবায় ভূমি বন্ধকী বেংক আইন ১০৬১ ৰ অধীনত নিয়ন্ত্ৰিত।

য`ত সমবায় ঋণ সংৰচনাই প্ৰধানতঃ হ্ৰস্বকালীন কৃষি ঋণ প্ৰদান কৰি আছে, এছকাৰ্ড বেংকে মধ্য আৰু দীৰ্ঘকালীন কৃষি ঋণ প্ৰদান কৰি আছে। সমগ্ৰ ৰাজ্যতে এছকাৰ্ড বেংকৰ ২৮ টা শাখা আছে।পূৰ্বতে, জিলা পৰ্য্যায়ত প্ৰাথমিক ভূমি বন্ধক বেংক ( পি এল এম বি) আছিল আৰু পৰৱৰ্তী সময়ত পি এল এম বি সমূহ প্ৰাথমিক কৃষিজাত সমবায় বেংক ৰূপে পুনৰস্থাপিত হয় যিয়ে অৱশেষত এছকাৰ্ড বেংক লিমিটেডৰ লগত চামিল হয়।

বৰ্তমান সময়ত, এই প্ৰাথনিক কৃষি সমবায় বেংক সমূহে এছকাৰ্ড বেংক লিমিটেডৰ শাখা হিছাবে কাম কৰি আছে। এছকাৰ্ড বেংকৰ বৰ্তমান বিত্তীয় স্থিতি অনিশ্চিত। কুপ্ৰবন্ধনৰ কাৰণে বেংকৰ প্ৰদৰ্শন প্ৰায়ে শোচনীয়। সমিতি প্ৰতিবেদন-১ ৰ তুলনাত বৈদায়নৰ মতানুসৰি চৰকাৰে হ্ৰস্বকালীন সমবায় ঋণ সংৰচনা (এছ টি চি চি এছ) ৰ পুনৰুত্থানৰ কাৰণে পদক্ষেপ লৈছে।কিন্তু, ভি চি আৰ-২ ৰ মতানুসৰি দীৰ্ঘকালীন সমবায় ঋণ সংৰচনা ( এল টি চি চি এছ) ৰ পুনৰুত্থানৰ কাৰণে চৰকাৰে এতিয়াও সঠিক পদক্ষেপ ল`বলৈ বাকী আছে। এতিয়ালৈকে চৰকাৰৰ সহযোগত এছকাৰ্ড বেংক প্ৰবন্ধই আই আই বি এম,গুৱাহাটীৰ সৈতে ১০০.০০ কোটি টকা মূল্যৰ লক্ষ্য ৰাশিৰ এক পুনৰুত্থান আঁচনি তৈয়াৰ কৰিছে। পুনৰুত্থান আঁচনিৰ আলোকত এখন উন্নয়ন মূলক কাৰ্য্য আঁচনি প্ৰয়োজনীয় অনুমোদনৰ বাবে চকৰাৰৰ সন্মুখত দাখিল কৰা হৈছে।

৩. পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড (ডব্লিউ এ এম ইউ এল):

প্ৰাথমিক দুগ্ধ সমবায় সমূহ হৈছে গ্ৰাম্য পৰ্য্যায়ৰ সমবায়। ৰাজ্যত ৪৭১ সংখ্যক দুগ্ধপাম সমবায় সমিতি আছে। এই সমবায় সমূহৰ অধিকাংশই দুগ্ধ সংঘৰ সদস্য, অৰ্থাৎ তেওঁলোকৰ মহাসংঘৰ নাম অনুসৰি, ডব্লিউ এ এম ইউ এল আৰু ই এ এম ইউ এল (নিহিত), এই সমবায় সমূহে তেওঁলোকৰ দুগ্ধ, তোওঁলোকৰ সংঘ আৰু তেওঁলোকৰ মহাসংঘক বিক্ৰী কৰে।

তিনিখন আঞ্চলিক পৰ্য্যায়ৰ দুগ্ধ সমবায় সংঘ প্ৰতিষ্ঠা কৰা হৈছিল, নাম অনুসৰি,
i.) পশ্চিম অসম দুগ্ধ উৎপাদক সংঘ লিমিটেড ( ডব্লুউ এ এম ইউ এল)
ii) পূব অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড (ই এ এম ইউ এল)
iii) কাচাৰ আৰু কৰিমগঞ্জ জিলা দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড ( চি এ এম ইউ এল). ডব্লিউ এ এম ইউ এল ৰ প্ৰবন্ধন এন ডি ডি বি, নতুন দিল্লীলৈ হস্তান্তৰিত কৰি দিয়া হ`ল। ডব্লিউ এ এম ইউ এল য়ে ট`নড দুগ্ধ যোগান ধৰি আছে যিয়ে ইয়াৰ গ্ৰাহক সকলৰ মাজত পূৰৱী গাখীৰ, পনীৰ, দৈ, ঘি, লাচ্চি আৰু ক্ৰীম হিছাবে জনপ্ৰিয়।

ডব্লিউ এ এম ইউ এল ৰ স্থিতি:

  •  ১৮ আগষ্ট, ১৯৭৬ : সমবায় সমিতি আইনৰ অধীনত এখন সমিতি হিছাবে ডব্লিউ ডব্লিউ এ এম ইউ এল পঞ্জীয়নকৃত হয়।
  •  ১৯৮৯ : গুৱাহীটীত ৬০ টি এল পি ডি ক্ষমতাৰ তৰল দুগ্ধ নিৰ্মাণশালা অৰু ১০০ এম টি পি ডি ৰ পশু খাদ্য নিৰ্মাণশালা স্থাপন।
  •  ২০০৩-০৪ : এফ ডি চি এছৰ সংখ্যা ৪৮।
  •  ২০০৪-০৫ : দুগ্ধ অধিক্ৰয়ৰ সৰ্বোচ্চ গড় ৩৮০০ কেজিপিডি।
  •  ২০০৪-০৫: বিক্ৰয়ৰ সৰ্বোচ্চ গড় ৭৫০০ এল পি ডি।
 
এন ডি ডি বি ৰ অধিগ্ৰহণৰ পিছৰ পৰা ডব্লিউ এ এম ইউ এলৰ শাৰীৰিক অগ্ৰগতি:

এন ডি ডি বি ৰ অধিগ্ৰহণৰ পিছৰ পৰা ডব্লিউ এ এম ইউ এলৰ শাৰীৰিক অগ্ৰগতি:

এন ডি ডি বি ৰ অধিগ্ৰহণৰ পিছৰ পৰা ডব্লিউ এ এম ইউ এলৰ শাৰীৰিক অগ্ৰগতি:

এন ডি ডি বি ৰ অধিগ্ৰহণৰ পিছৰ পৰা ডব্লিউ এ এম ইউ এলৰ বিত্তীয় অগ্ৰগতি:

৪. অসম ৰাজ্যিক গৃহ নিৰ্মাণ ফেডাৰেছন লিমিটেড (হাউছফেড):

পঞ্জীয়ন নং G24/1977-78 dtd> 27/03/1978 ৰ অধীনত ১৯৭৮ চনত অসম ৰাজ্যিক গৃহ নিৰ্মাণ ফেডাৰেছন লিমিটেড পঞ্জীয়ন কৰা হৈছিল। এই ফেডাৰেছন সমিতিৰ প্ৰধান ব্যৱসায় হ`ল প্ৰাথমিক গৃহ নিৰ্মাণ সমবায় সমিতি সমূহক আৰু ব্যক্তিসমূহক গৃহনিৰ্মাণ ঋণ প্ৰদান কৰা। হাউছফেডে বিক্ৰীৰ কাৰণে আবাসিক গৃহ আৰু ফ্লেটো নিৰ্মাণ কৰে, ভূমি ক্ৰয় কৰে আৰু ইয়াক উন্নয়নৰ পিছত বিক্ৰী কৰে। হাউছফেডে হাউছফেড কমপ্লেক্স, লাষ্ট গেট, দিশপুৰত বভিন্ন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কাৰ্য্যালয়ত কাৰ্য্যলয় আবাসৰ কাৰণে গৃহ সমূহ লিজত ভাড়ালৈও দিয়ে। এই ফেডাৰেছনত ৭২ জন কৰ্মচাৰী আছে। ইয়াৰ নটবমা গৃহনিৰ্মাণ প্ৰকল্প, যোৰহাট গৃহনিৰ্মাণ প্ৰকল্প, ৰুক্মিণী গাওঁ গৃহনিৰ্মাণ প্ৰকল্প, আই চি টি চি প্ৰকল্প ইত্যাদিৰ নিচিনা বহুতো গৃহনিৰ্মাণ প্ৰকল্প আছে।

৫. পূৰ্বাঞ্চল কৃষি প্ৰক্ৰিয়াকৰণ আৰু চাহ পণ্যাগাৰ সমবায় সমিতি লিমিটেড-গুৱাহাটী:

পঞ্জীয়ন নং G-17 of 170-71 ৰ অধীনত ১৯৭১ চনত পূৰ্বাঞ্চল কৃষি প্ৰক্ৰিয়াকৰণ আৰু চাহ পণ্যাগৰ সমবায় সমিতি লিমিটেড পঞ্জীয়ন কৰা হৈছিল। এই সমিতিয়ে চাহ পণ্যাগাৰ, সৰিয়হ তেল পেকেজিং, মছলা নিস্পেষণ ইত্যাদি ব্যৱসায় প্ৰচলন কৰি আছে। পেক কৰি থোৱা সৰিয়হ তেলৰ ব্ৰেণ্ডৰ নাম হ`ল নিভাঁজ যিটো বজাৰত বহুত জনপ্ৰিয়। এই সমিতিয়ে চৰকাৰৰ পৰা কোনো বিত্তীয় সাহাৰ্য্য নোলোৱাকৈ কাম কৰি আছে আৰু ভাল প্ৰদৰ্শন কৰি থকাৰ লগতে অবিৰত মুনাফা অৰ্জন কৰি আছে। এই সমিতিয়ে ২০১৬-১৭ বৰ্ষৰ সময়কালত ২,০৫,৪৬,৩৪০.০০ টকা পৰিমাণৰ শুদ্ধ লাভ অৰ্জন কৰিছে।

৬. অসম ৰাজ্যিক সমবায় সংঘ ( এ এছ চি ইউ):

অসম ৰাজ্যত সমবায় শিক্ষা, প্ৰশিক্ষণ, প্ৰচাৰ আৰু প্ৰচাৰ কাৰ্য্যসূচী সমূহৰ প্ৰচাৰৰ কাৰণে অসম ৰাজ্যিক সমবায় সংঘ হ`ল এটা শীৰ্ষ পৰ্য্যায়ৰ সংগঠন। পঞ্জীৱন নং. Ascu-29/2055/56, dated 12/09/1955. ৰ দ্বাৰা ইয়াক পঞ্জীয়ন কৰা হৈছিল।

এ এছ চি ইউ ৰ লক্ষ্য আৰু উদ্দেশ্য:
  • অসমত সমবায় আন্দোলন প্ৰচাৰ আৰু উন্নয়ন কৰিবলৈ।
  • ব্যক্তিসকলক শিক্ষিত, প্ৰশিক্ষিত আৰু মাৰ্গ দৰ্শন কৰিবলৈ আৰু সমবায় খণ্ড নিৰ্মাণ আৰু বিস্তাৰ কৰিবৰ কাৰণে তেওঁলোকৰ প্ৰয়াসক সহযোগ কৰিবলৈ।
  • সমবায় সংঘক এক প্ৰতিপাদকৰ ৰূপত প্ৰদৰ্শন কৰিবলৈ।
  • সন্মিলন, সভা আদি আয়োজনৰ দ্বাৰা আন্দোলনৰ সপক্ষে জনমত সৃষ্টি কৰিবলৈ সমবায় নীতি আৰু ধাৰণা সমূহ প্ৰচাৰ আৰু প্ৰকাশ কৰা।
  • ভাৰতৰ আন সমবায় ৰূপে উন্নত ৰাজ্য সমূহৰ সফল সমবায় সমূহৰ আন্তঃ ৰাজ্যিক অধ্যয়ন পৰিদৰ্শনৰ ব্যৱস্থা কৰিবলৈ।
 

৭. অসম পলিয়েষ্টাৰ সমবায় সমিতি লিমিটেড (এপ`ল):

অসম পলিয়েষ্টাৰ সমবায় সমিতি লিমিটেডেই অসমৰ একমাত্ৰ জীৱিত অৱস্থাত থকা সূতা কল। ১৯৮১ চনত ইয়াক অসম সমবায় সমিতি আইন ১৯৪৯ ৰ অধীনত পঞ্জীয়ন কৰা হৈছিল। আৰম্ভণিতে, জুন ১৯৮৮ ত তুলসীবাৰী, ৰঙিয়াত ৪৬ বিঘা ভূমি ক্ৰয়ৰ দ্বাৰা ১৯,২০০ সূতা কটা টাকুৰি সহ সূতাকটা সংঘ হিছাবে এই কলটো প্ৰতিষ্ঠা কৰা হৈছিল। এই সমিতিৰ মুখ্য উদ্দেশ্য হ`ল সূতা কটা, ৰঞ্জন, বয়ন আৰু সকলো ধৰণৰ বস্ত্ৰ সামগ্ৰী ( পলিয়েষ্টাৰ) ৰ নিৰ্মাণ আৰু বয়নশিল্পী আৰু অন্যসকলক সকলো প্ৰকাৰৰ সূতা যোগানৰ জৰিয়তে সদস্যসকলৰ অৰ্থনৈতিক আগ্ৰহক প্ৰচাৰ কৰা। কাৰ্য্যকৰী মূলধনৰ অভাৱৰ কাৰণে কলটোৱে ইয়াৰ উৎপাদন ২০০৩ চনৰ ডিচেম্বৰত বন্ধ কৰি দিছিল আৰু অধ্যৱসায়ী প্ৰয়াসৰ পিছত কলটোৱে ২০০৬ বৰ্ষৰ পৰা ইয়াৰ উৎপাদনক পুনৰাম্ভ কৰে আৰু এতিয়া এইটো মসৃণ ভাৱে চলি আছে। ৬০০০ ত কৈও অধিক কৰ্মচাৰীয়ে সূতা উৎপাদনৰ বিভিন্ন ক্ষেত্ৰত জড়িত হৈ আছে আৰু এই বিলাক স্থানীয় বজাৰৰ লগে লগে কলকতাৰ বজাৰলৈয়ো যোগান ধৰা হয়। এপ`ল ৰ যন্ত্ৰপাতি সমূহ অতি মাত্ৰা ব্যৱহাৰৰ কাৰণে যিয়ে উৎপাদনক প্ৰভাৱিত কৰি আছে পৰিৱৰ্তন কৰাৰ আৱশ্যকতা আছে। উত্তৰ পূৰ্বাঞ্চল পৰিষদ ( এন ই চি)ৰ পৰা পৃষ্ঠপোষকতাৰ অধীনত অপ্ৰচলিত যন্ত্ৰ পাতি সমূহৰ উন্নয়ন আৰু প্ৰতিষ্ঠাপনৰ জৰিয়তে কলটোৰ পুনৰুত্থানৰ কাৰণে অসম চৰকাৰে পদক্ষেপ লৈছে। এই সম্বন্ধে এন ই চি য়ে ৪৫৭.৩৪ লাখ টকাৰ প্ৰকল্প অনুমোদন কৰিছে আৰু ইতিমধ্যে ৩২৪.২৪ লাখ পৰিমাণৰ টকা মোকলাই দিছে আৰু অসম চৰকাৰেও ইতিমধ্যে ৰাজ্যিক অংশৰ ১৬৪.৬৪ লাখ টকা মোকলাই দিছে।

৮. অসম ৰাজ্যিক সমবায় মৰাপাট কল লিমিটেড.:

শিলঘাট, নগাওঁ ত অৱস্থিত অসম সমবায় মৰাপাট কল লিমিটেড ৰাজ্যৰ এটা অধিক সাফল্যমণ্ডিত সমবায় উদ্যোগ। অসম চুক্তি প্ৰাৱধান অনুসৰি পোৱা পুনৰুত্থান পেকেজত, সমবায় খণ্ডত এই উদ্যোগে অবিৰতভাৱে মুনাফা অৰ্জন কৰি আছে আৰু ইয়াক আই এছ ও প্ৰমাণ পত্ৰৰ সৈতে সন্মানিত কৰা হৈছে। ২০১৩-১৪ বৰ্ষত, এই সমবায় কলৰ মুঠ বিক্ৰী আছিল ৩৮১১.৪২ লাখ টকা। কলৰ দ্বাৰা অৰ্জিত শুদ্ধ মুনাফা তলত উল্লেখ কৰা ধৰণৰ।

বছৰ

পৰিমাণ

২০১১-১২

১০৬.২৫ লাখ টকা

২০১২-১৩

৬৮.৮৯ লাখ টকা

২০১৩-১৪

৫০.৩৪ লাখ টকা

২০১৪-১৫

২০.৮৪ লাখ টকা

২০১৫-১৬

১১.৭৮ লাখ টকা

অসম মৰাপাট কল লিমিটেডে যোগান ও নিস্কাষণ ৰ মহা নিৰ্দেশকৰ মাধ্যমত মৰাপাট আয়ুক্তৰ নিৰ্দেশৰ বিৰুদ্ধে ইয়াৰ মুখ্য উৎপাদন থৈলাৰ ব্যৱসায় কৰি আহিছে আৰু বাকী উৎপাদন সমূহ প্ৰত্যক্ষভাৱে স্থানীয় গ্ৰাহক আৰু ৰাজ্যৰ বাহিৰত বিক্ৰী কৰে। ইয়াত এইটো উল্লেখ কৰিবলগীয়া যে এই কল সমিতি ঋণ দায়গ্ৰস্ততাৰ পৰা মুক্ত।