মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Registrar of Cooperative Societies Assam

সমবায়ৰ মাধ্যমেৰে নাৰী সবলীকৰণ

প্ৰধান অনুষ্ঠান:

  • বজাৰ মূল্যতকৈ কম যুক্তিসংগত মূল্যত নিৰ্বাচিত প্ৰয়োজনীয় অ-পি ডি এছ সামগ্ৰীৰ উপলদ্ধতাৰ জৰিয়তে সমিতিক উপভোক্তা আপীলৰ কাৰণে আকৰ্ষণীয় কৰাৰ লগে লগে অ-পিডিএছ ব্যৱসায়ত বিবিধতা আনিবৰ কাৰণে পি ডি এছ ব্যৱসায়ত জড়িত মহিলা বহুমুখী সমবায় সমূহৰ কাৰণে মহিলা সমবায় বিপণী। প্ৰত্যেক খনতে ২ লাখ হাৰত ৭৬ লাখ হিছাবে অসম ৰাজ্যিক সমবায় এপেক্স বেংক লিমিটেডৰ দ্বাৰা বৰ্ধিত কৰিব লগীয়া মুঠ নগদ ঋণ ৰাশিৰ পৰিমাণক ৩৮ খন সমবায় সমিতিৰ বিৰুদ্ধে প্ৰস্তাৱিত কৰা হৈছে। ১২ % ত সুদ অংশৰ ৰাজ সাহাৰ্য্য দিয়া হ`ব বুলি সংকল্পিত আৰু নগদ ঋণৰ কাৰণে শূন্য শতাংশ সুদ প্ৰস্তাৱিত হয়।
  • পি ডি এছ, হস্ততাঁত, আচাৰ বনোৱা উত্যাদিৰ নিচিনা সৰু ব্যৱসায়ত নিজৰ ব্যৱসায়িক গতিবিধিক শক্তিশালী কৰণৰ দ্বাৰা সমবায় আন্দোলনত নাৰীৰ অংশগ্ৰহণ বৃদ্ধি আৰু তেওঁলোকৰ সামাজিক-অৰ্থনৈতিক উন্নয়ন কৰিবৰ কাৰণে সমন্বিত মহিলা সমবায় সবলীকৰণ যোজনা। এই যোজনাই ৬৬ টা ব্যৱহাৰ্য্য আৰু সম্ভাব্য সমবায় সমিতিক অন্তৰ্ভূক্ত কৰিব য`ত বেংকত ১৩২.০০ লাখ টকাৰ অপৰিহাৰ্য্য নিধি নিহিতাৰ্থ অসম ৰাজ্যিক সমবায় এপেক্স বেংক লিমিটেডৰ দ্বাৰা প্ৰতিখন সমিতিক ২ লাখ টকাৰ কাৰণে নগদ ঋণ সাহাৰ্য্য বৰ্ধিত কৰা হ`ব বুলি প্ৰস্তাৱ কৰা হৈছে।