এখন সমিতি যিখনৰ অৰ্থনৈতিক স্বাৰ্থৰ উন্নতি কৰাতো হয় ইয়াৰ মুখ্য লক্ষ্য উদ্দেশ্য আৰু সহযোগিতাৰ নীতিৰ ভিত্তিত সদস্যসকলৰ সাধাৰণ কল্যাণ হোৱাটো বিচাৰে তেনেকুৱা সমিতিখনক এই আইনৰ অধীনত পঞ্জীয়ন কৰা হয় ।
যদি পঞ্জীয়কে ঘোষনা কৰা বিষয়বস্তু সিদ্ধি লাভ কৰিবলৈ অসমৰ্থ হয় বা সহযোগিতাৰ ক্ষেত্ৰত অস্থিৰ, কাৰিকৰী কৌশল,প্ৰযুক্তি আৰু অৰ্থনৈতিকভাৱে অবিকাশিত নতুবা যিকোনো পঞ্জীয়নভূক্ত সমবায় সমিতিৰ ওপৰত কিম্বা সামগ্ৰীকভাৱে সমবায় আন্দোলনটোৰ ওপৰত বিৰুদ্ধভাব উৎপন্ন হয়; যদি সদস্যসকল বা আবেদনকাৰী সকলে সেৱা আগবঢ়োৱাৰ বাবে প্ৰয়োজনবোধ নকৰে বা সমবায় সমিতিৰ সেৱা ব্যৱহাৰ কৰাৰ স্থিতিত নাথাকে, তেনে সমিতি পঞ্জীয়ন কৰা নহয় ।
কোৱা হয় যে কোনো সংগঠন, সমিতি এই আইনৰ বাহিৰে অন্য কোনো কম দিন বৰ্তি থকা অইনৰ অধীনত পঞ্জীয়ন হয় তেওঁলোকে হয় পঞ্জীয়ন কৰি ল`ব লাগিব নহয় সলনি কৰি ল`ব বা একত্ৰিত হ`ব লাগিব এখন সমবায় সমিতি হিচাবে।