মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Registrar of Cooperative Societies Assam

পঞ্জীয়ন

সমিতি যিবোৰে পঞ্জীয়ন কৰিব পাৰে

  1. এখন সমিতি যিখনৰ অৰ্থনৈতিক স্বাৰ্থৰ উন্নতি কৰাতো হয় ইয়াৰ মুখ্য লক্ষ্য উদ্দেশ্য আৰু সহযোগিতাৰ নীতিৰ ভিত্তিত সদস্যসকলৰ সাধাৰণ কল্যাণ হোৱাটো বিচাৰে তেনেকুৱা সমিতিখনক এই আইনৰ অধীনত পঞ্জীয়ন কৰা হয় ।
  2. যদি পঞ্জীয়কে ঘোষনা কৰা বিষয়বস্তু সিদ্ধি লাভ কৰিবলৈ অসমৰ্থ হয় বা সহযোগিতাৰ ক্ষেত্ৰত অস্থিৰ, কাৰিকৰী কৌশল,প্ৰযুক্তি আৰু অৰ্থনৈতিকভাৱে অবিকাশিত নতুবা যিকোনো পঞ্জীয়নভূক্ত সমবায় সমিতিৰ ওপৰত কিম্বা সামগ্ৰীকভাৱে সমবায় আন্দোলনটোৰ ওপৰত বিৰুদ্ধভাব উৎপন্ন হয়; যদি সদস্যসকল বা আবেদনকাৰী সকলে সেৱা আগবঢ়োৱাৰ বাবে প্ৰয়োজনবোধ নকৰে বা সমবায় সমিতিৰ সেৱা ব্যৱহাৰ কৰাৰ স্থিতিত নাথাকে, তেনে সমিতি পঞ্জীয়ন কৰা নহয় ।

    কোৱা হয় যে কোনো সংগঠন, সমিতি এই আইনৰ বাহিৰে অন্য কোনো কম দিন বৰ্তি থকা অইনৰ অধীনত পঞ্জীয়ন হয় তেওঁলোকে হয় পঞ্জীয়ন কৰি ল`ব লাগিব নহয় সলনি কৰি ল`ব বা একত্ৰিত হ`ব লাগিব এখন সমবায় সমিতি হিচাবে।
  3. ইয়াৰ উপবিধিত স্পষ্ট কৰি দিয়া হৈছে যে পঞ্জীয়কৰ ওচৰত পঞ্জীয়ন কৰাৰ পূৰ্বে সমবায় সমিতিখনে সমবায় বেংক হিচাবে পঞ্জীয়ন কৰি ল`ব লাগে । সমিতিখন হ`ব এখন সমবায় বেংক যিখনে ব্যৱসায় পৰিচালনা কৰিব ৫ নং ধাৰাত ব্যাখ্যা কৰা ধৰণে । (খ) ` বেংক ৰেগুলেচন এক্ট ১৯৪৯`ৰ ( এক্ট নং ১৯৪৯ ৰ ১০) ভিত্তিত এই ধাৰাত ব্যাখ্যা কৰা ধৰণে সমবায় বেংক হিচাপে পঞ্জীয়কে উক্ত সমিতিখন পঞ্জীয়ন কৰিব ।