মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Registrar of Cooperative Societies Assam

পঞ্জীয়ন

পঞ্জীয়নৰ পদ্ধতি

  • অতি কমেও ১০ জন ১৮ বছৰৰ ওপৰৰ সহায়ক বা উদ্যোক্তাৰ নাম ঠিকনা, দূৰভাষ নম্বৰৰ সবিশেষ দি চহী কৰা আবেদন পত্ৰেৰে প্ৰস্তাৱিত সমবায় সমিতিখন পঞ্জীয়নৰ কাৰণে পঞ্জীয়ন কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিব পাৰি ।
  • আবেদন পত্ৰ গ্ৰহণৰ তিনি দিনৰ ভিতৰত পঞ্জীয়ন কৰ্তৃপক্ষই এজন বিষয়া প্ৰতিনিধি হিচাপে পঠাব আবেদন পৰীক্ষা কৰাৰ কাৰণে, প্ৰস্তাৱিত সমবায় সমিতিৰ উদ্যোক্তাৰ লগত আলোচনা কৰি ইয়াৰ প্ৰবেশ আৰু গ্ৰহণযোগ্যতাৰ সম্ভাৱনীয়তা নিশ্চিত কৰিব ।
  • বিষয়া প্ৰতিনিধিজনে ৭টা কৰ্ম দিনৰ ভিতৰত সম্ভাৱনীয়তাৰ প্ৰতিবেদন স্পষ্ট মন্তব্যসহকাৰে দাখিল কৰিব
    1. ব্যৱসায়ীক সংগঠন হিচাবে সমবায় সমিতিৰ প্ৰস্তাৱিত উদ্দেশ্য, সম্ভাৱনীয়তা আৰু প্ৰাপ্তিযোগ্যতা ।
    2. প্ৰস্তাৱিত সমিতিৰ কাৰ্য্য এলেকা নিৰ্ধাৰণ আৰু কাৰ্য্য এলেকাৰ ভিতৰত তেনেকুৱা আন সমবায়ৰ লগত অসুস্থ্ প্ৰতিযোগীতাৰ সম্ভাৱনীয়তা ।
    3. প্ৰস্তাৱিত সমিতিৰ উদ্যোক্তা সদস্যসকলৰ সমবায়ৰ নীতি আৰু উদ্দেশ্যৰ প্ৰতি সজাগতা আৰু তেওঁলোকৰ অংশগ্ৰহণৰ ভাৰসাম্যতা
  • যদি বিভাগীয় বিষয়াৰ দ্বাৰা সমবায় সমিতিৰ সংগঠনটো সঁচা বুলি প্ৰমাণ কৰা হয় পঞ্জীয়ন কৰ্তৃপক্ষই সেই সমবায় সমিতিৰ পঞ্জীয়নৰ কাৰণে নিৰ্দিষ্ট প্ৰ-পত্ৰৰ এটা প্ৰতিলিপি সংশ্লিষ্ট কৰ্তৃপক্ষলৈ পঠাব । উপবিধিৰ নিৰ্দেশ গ্ৰহণ কৰিবলৈ এখন উদ্বোধনী সাধাৰণ সভা আহ্বান কৰিব আৰু একে উদ্দেশ্যত এজন বিষয়া প্ৰতিনিধিয়ে সহায় কৰিব ।
  • সম্ভাব্য প্ৰতিবেদন দাখিল কৰাৰ সাতদিনৰ ভিতৰত উদ্যোক্তাসকলে নিৰ্দিষ্ট প্ৰ-পত্ৰ পঞ্জীয়ন কৰ্তৃপক্ষৰ পৰা সংগ্ৰহ কৰিব ।
  • অসম সমবায় সমিতি আইন ২০০৭, ধাৰা ১৭ (১) ব্যৱস্থা অনুযায়ী পঞ্জীয়ন মাচুল সহিতে উদ্যোক্তাসকলে উদ্বোধনী সাধাৰণ সভাৰ কাৰ্য্য প্ৰণালী, প্ৰস্তাৱিত উপবিধিৰ ৪ খন প্ৰতিলিপি গাঁঠি দি নিৰ্দিষ্ট প্ৰ-পত্ৰ দাখিল কৰিব পাৰে ।
  • আনুষ্ঠানিক আবেদন, পঞ্জীয়ন মাচুল গ্ৰহণ কৰাৰ পাছত পঞ্জীয়ন কৰ্তৃপক্ষই সমিতিখন পঞ্জীয়ন কৰিব আৰু সেইমতে পঞ্জীয়ন প্ৰমান পত্ৰ প্ৰদান কৰা হ`ব ।
  • যদি পঞ্জীয়ন কৰ্তৃপক্ষৰ দ্বাৰা জানিব পৰা হয় যে প্ৰস্তাৱিত সমবায় সমিতিখন কিছু কাৰণত পঞ্জীয়ন কৰিব পৰা নহয় তেতিয়া কৰ্তৃপক্ষই সম্ভাব্য প্ৰতিবেদন গ্ৰহণ কৰাৰ ৫ দিনৰ ভিতৰত লিখিত যুক্তিৰ উদ্ধৃতি দৰ্শাই উদ্যোক্তাসকলৰ লগত যোগাযোগ কৰিব লাগিব ।
  • আনুষ্ঠানিক আবেদন গ্ৰহণ কৰাৰ তাৰিখৰ পৰা ২ মাহৰ ভিতৰত পঞ্জীয়নৰ সমগ্ৰ ব্যৱস্থাটো সম্পূৰ্ণ কৰিব লাগিব আৰু পঞ্জীয়ন মাচুল / আনুষ্ঠানিক আবেদনপত্ৰ গ্ৰহণৰ তাৰিখৰ পৰা ৬০ দিনৰ অন্তত প্ৰস্তাৱিত সমিতিখন পঞ্জীয়নৰ কাৰণে বিবেচনা কৰা হ`ব যদি বিষয়টো চুক্তিসময়ৰ ভিতৰত ব্যৱস্থা কৰা নহয় আন প্ৰকাৰে।