মহাত্মা গান্ধীয় কৈ গৈছে- ভাৰতবৰ্ষৰ ভৱিষ্যত নিৰ্ভৰ কৰিব ইয়াৰ গাওঁবোৰৰ ওপৰত । দুৰ্ভাগ্যবশতঃ, অসম এখন কৃষিপ্ৰধান ৰাজ্য হোৱা স্বত্বেও, শতকৰা ৭০ শতাংশ লোক এতিয়াও গাঁৱতে বাস কৰি থাকিলেও সামাজিক আৰু অৰ্থনৈতিক খণ্ডত বহু পিচ পৰি থাকিল আজিকোপতি । গ্ৰামীণ খণ্ড নিজে মূখ্য বৰঙণিদাতা জাতীয় আয়ৰ সৰ্বমূঠ জিডিপিৰ, তথাপি গাওঁবোৰৰ উন্নতিৰ অভাৱ ইয়াৰ অৰ্থ হ`ল ভাৰতবৰ্ষৰ উন্নতিৰ অভাৱ ।
সমবায় সমিতিবোৰে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈ আছে আৰু গ্ৰাম্য খণ্ডৰ উন্নতিৰ কাৰণে এক সুনামৰ অংশীদাৰ হ`ব পাৰিছে যিটো চৰকাৰৰ লগতো ব্যক্তিগত খণ্ডৰ ভাৰতৰ মুঠ অৰ্থনীতিলৈ উল্লোখযোগ্য বৰঙণি । সমবায় বোৰে গ্ৰাম্য অৰ্থনীতিৰ সকলোবোৰ কাম-কাজক সামৰি ঘেৰি ৰাখিছে আৰু সেয়ে আছে এক বৃহৎ সম্ভাৱনীয়তা লগতে গ্ৰাম্য অৰ্থ নীতিৰ উন্নতিৰ কাৰণে চৰকাৰৰ পৰা প্ৰয়োজনীয় উৎসাহ-উদ্দীপনা পাব লাগে ।
যোৱাটো শতিকাত সমবায় মূলত জন্ম লাভ কৰিছিল পশ্চিমীয়া দেশবোৰত আৰু তাৰ পৰাই সেইবোৰ ভাৰতলৈ আহিছিল । আনুষ্ঠানিকভাৱে ভাৰতত সমবায়ৰ শুভাৰম্ভ হয় ১৯০৪ চনত যেতিয়া সমবায় সমিতি আইন বলবৎ হয় । অসমৰ প্ৰথম ঋণ সমবায় সমিতি আছিল ১৯০৪ চনত, শ্বিলং সমবায় টাউন বেংক । আন আন বেংক যিবোৰ পৰৱৰ্তী সময়ত গঠন কৰা হৈছিল সেইবোৰ হ`ল ৰাজা হাউলি গাঁৱলীয়া বেংক, যোৰহাট; চাৰিগাওঁ গাঁৱলীয়া বেংক, যোৰহাট আৰু যোৰহাট টাউন বেংক লিঃ আদি । স্বাধীনতাৰ পাছত সমবায়ক এক ৰাজ্যিক বিষয় হিচাপে ধৰা হয় আৰু অসম চৰকাৰে অসম সমবায় সমিতি আইন ১০৪৯ গ্ৰহণ কৰে । যদিও ৰাজ্যই এই খণ্ডত বৰ বিশেষ উন্নতি কৰিব পৰা নাছিল সেয়ে ১০৭২ চনত তেতিয়াৰ মুখ্য মন্ত্ৰী শৰৎ সিংহই `চিংগল উইনদো` ধাৰণাৰ শভাৰম্ভ কৰে যাতে একে সমিতিৰ পৰা প্ৰয়োজনীয় পণ্য-সামগ্ৰী খেতিয়কসকলে লাভ কৰে আৰু কৃষি ঋণৰ সুবিধা গ্ৰহণ কৰিব পাৰে । কাৰণ এনেকুৱা এটা নীতি নিৰ্ধাৰণে প্ৰয়োজনীয় বয়বস্তুৰ ৰাজহ বিতৰণত অসম ৰাজ্য হৈ পৰিব এটা সূঁতি, সমবায় সমিতি, গাওঁ পঞ্চায়ত / প্ৰাথমিক কৃষি সমবায় সমিতি ( ডি পি এছ এছ / পি এ চি এছ) । ঘটনাক্ৰমে উদাৰিকৰণ আৰু বিশ্বায়নৰ যুগ আহি পৰিছে, নীতি সলনি হৈছে দেশীয় পৰ্য্যায়ত আৰু ৯৭ তম সাংবিধানিক সংশোধনীত সমবায়সমূহক সাংবিধানিক গণ্ডীৰ ভিতৰলৈ অনা হৈছে য`ত সমবায় গঠন কৰাতো ভাৰতীয় নাগৰিকৰ বাবে সাংবিধানিক অধিকাৰ ৰূপে গন্য কৰা হয় । ফলস্বৰূপে বৃহৎ পৰিমানৰ ৰাজ্যই ৰাজ্যিক অধিনিয়ম পাছ কৰিছে য`ত প্ৰদান কৰা হৈছে অধিক স্বায়ত্বতা আৰু স্বাধীনতা পৰিচালনা ক্ষেত্ৰত । সেই সমবায় সমূহে বৰ্তমান কাম কৰি আছে । অসম সমবায় সমিতি আইন পাছ কৰা হৈছিল ২০০৭ চনত যি কাৰ্যকৰী হয় ২০১২ চনতহে ।.
সমবায়ৰ মূখ্য উদ্দেশ্য আছিল ঋণগ্ৰস্ত আৰু দুখীয়া খেতিয়ক সকলৰ দাৰিদ্ৰতা দূৰ কৰা আৰু মহাজনৰ হাতৰ মুঠিৰ পৰা উদ্ধাৰ কৰা । খুব কম সময়ৰ ভিতৰত সমবায়ৰ ভূমিকা বৃদ্ধি ৰায় কৃষি ঋণৰ উৰ্দ্ধত । সমবায়বোৰে এতিয়া সাৰ, উৎপাদন আৰু বীজৰ যোগান ধৰাত ব্যস্ত হৈ পৰিছে আৰু জমা পুঁজিক সৎব্যৱহাৰ কৰি গতিশীল ৰূপ দিয়াত লাগি গৈছে । সমবায়ৰ সদস্যসকলক ঋণ গ্ৰহণ কৰাত আৰু মিতব্যয়ীতাত উৎসাহ দিয়াৰ বাবে । অসমত এতিয়া ৯০০০ ৰো বেছি সমবায়ে গুপুত্বপূৰ্ণ ভূমিকা লৈ আছে আমাৰ দেশৰে আৰ্থ-সামাজিক উন্নতিৰ কাৰণে, বিশেষকৈ গ্ৰামাঞ্চলত । ভাৰতত গ্ৰামাঞ্চলত চাৰি প্ৰকাৰৰ সমবায় আছে । সেইবোৰ হ`ল :
ভাৰত চৰকাৰ আৰু নাবাৰ্ড সহিতে অসম চৰকাৰৰ লগত এখন ( এম ও ইউ) চুক্তিত চহী কৰিছে য`ত এটা উমৈহতীয়া একাউণ্ট ব্যৱস্থা (চি এ এছ) নাবাৰ্ডে পৰিচয় কৰা কাৰণে আৰম্ভ কৰা হৈছে, ৰাজ্যৰ সকলোবোৰ ( পি এ চি এছ / জি পি এছ এছ) ৰ উমৈহতীয়া হিচাপ ব্যৱস্থাত একে মান বিশিষ্ট আৰু স্বচ্ছতাৰ ভিত্তিত হ`ব । ফলস্বৰূপে, জি পি এছ এছ এ বৰ্তমান যোগ্যতা অৰ্জন কৰিছে সংশ্লিষ্ট বেংক শাখাৰ পৰা নতুন বিত্ত লাভ কৰাৰ সুযোগ গ্ৰহণ কৰিছে সমিতিৰ কৃষি সদস্যসকলক শস্য ঋণ যোগান ধৰাৰ উদ্দেশ্যে ।
মহিলাৰ অংশ গ্ৰহণেৰে গ্ৰাম্য ভাৰতৰ সমবায় সমিতিৰ পৰিসৰ বৃদ্ধি কৰিব পাৰি । এই সম্পৰ্কত আত্ম সহায়ক গোটবোৰৰ ভূমিকা (এছ এইছ জি এছ) বিশেষভাৱে উল্লেখযোগ্য যেনেধৰণে তেওঁলোকে গাঁৱৰ মহিলাসকলৰ মাজত কেবল বিত্তিয় স্বায়ত্বতা আৰু শিক্ষা অকল নানে আৰু আনি দিয়ে এখন মঞ্চ জীয়াই থকিবলৈ আয়-উপাৰ্জন কৰিব পৰা সুবিধা, সংগঠিত হোৱাৰ সুযোগ, অধিকাৰৰ দাবী আৰু তেওঁলোকৰ পাৰস্পৰিক পাৰদৰ্শিতা আৰু শিল্পত শাণ দিব পাৰে । আত্মসহায়ক গোটবোৰক ঋণ লোৱাৰ পথ সুগম কৰি দি মহাজনৰ ওপৰত নিৰ্ভৰশীল হ`ব লগা অৱস্থাৰ লাঘৱ কৰে । এই ক্ষেত্ৰত, ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা মিচনৰ সহযোগত সমবায় বিভাগে প্ৰচেষ্টা চলাই আছে আত্মসহায়ক গোটবোৰক উচ্চ মান বিশিষ্ট কৰি সমবায়ৰ অধীন কৰবলৈ ।
কৃষি ঋণ আৰু আন কৃষিভিত্তিক প্ৰয়োজন বোৰৰ উপৰিও সমবায়ৰ খেতিয়কে পাই এখন বজাৰ, পণ্যাগাৰৰ সুবিধা আৰু পৰিবহন ব্যৱস্থাৰ সমৰ্থন । সেৱামূলক সমবায় সমিতি বোৰে দুখীয়াক সহায় কৰে, প্ৰান্তৱৰ্তী খেতিয়কক ট্ৰেক্টৰ আৰু মৰণা মৰা যন্ত্ৰ ভাড়ালৈ দিয়ে । কিছুমান ৰাজ্যত গ্ৰাম্য সমবায় সমিতিবোৰে এতিয়া প্ৰৱেশ কৰিছে ভূ-সম্পত্তি, বিজুলি শক্তি, জীৱন বীমা, স্বাস্থ্য যতন আৰু যোগাযোগ খণ্ডত । যদি এনেদৰে উন্নতিৰ লক্ষ্য আগতলৈ কাম কৰি গৈ থাকে তেতিয়া বেছি দিন নালাগিব ভাৰতৰ চহৰীয়া জীৱনৰ মানদণ্ডতকৈ গ্ৰাম্য জীৱনৰ মান বেছি উন্নতৰ হ`বলৈ ।