মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Registrar of Cooperative Societies Assam

গাওঁ আৰু নগৰ অঞ্চলৰ সমবায়

নগৰ অঞ্চলৰ সমবায়

তৎকালিন ভৱিষ্যতে নগৰ অঞ্চলৰ সহযোগীতা বৃদ্ধিৰ বাবে জৰুৰীভাৱে আহ্বান কৰা হয় য`ত কৃষিকাৰ্য্যই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহিছে, সমবায় আন্দোলনত নগৰাঞ্চলৰ আছে এক বৃহৎ সম্ভাৱনীয়তা । ক্ষুদ্ৰ ক্ষুদ্ৰ কৰ্মক্ষেত্ৰত শিল্পী সৰহ সংখ্যক দেখা যায় নগৰবোৰত যিবোৰে নিজকে সংগঠন কৰাত জটিলতাৰ সন্মুখীন হয় আৰু আধুনিক প্ৰয়োজনবোৰ ধৰি ৰখাত অসুবিধা পায় । সামাজিকৰ লগতে অৰ্থনৈতিক প্ৰয়োজনবোৰ ধৰি ৰখাত অসুবিধা পায় । সামাজিকৰ লগতে অৰ্থনৈতিক ক্ষেত্ৰত আশা কৰা হয় যে এই শ্ৰেণীৰ সদস্যসকলক পূৰ্ণগঠনত ক্ষমতা আৰু সক্ষমতা আনি দিব লাগে আধুনিক বৈজ্ঞানিক পদ্ধতিৰ সুযোগ গ্ৰহণ কৰিব পৰাকৈ । ক্ষুদ্ৰ উদ্যোগবোৰে সহযোগীতাৰে এই সুযোগ ল`ব পাৰে শক্তি আৰু বিশেষ কলা- কৌশলৰ । সাধাৰণ ভাৱে দেশৰ আৰু বিশেষভাৱে অসমৰ উদ্যোগীকৰণত স্পষ্ট বৰঙণি যোগাবলৈ সক্ষম কৰি তুলিব পাৰে । নগৰ অঞ্চলত সহযোগীতাৰ উপযোগিতা সাৰ্থকতাৰে বৃদ্ধি কৰি ক্ষুদ্ৰ উদ্যোগীৰ আৰু কূটীৰ শিল্পীৰ আন প্ৰয়োজনবোৰ পূৰ কৰা । অসমৰ দৰে আৰ্থিক ভাৱে পিচ পৰা ৰাজ্যৰ বাবে বৃহৎ পৰিমানৰ মূলধন আৰু আন আন উৎসৰ পৰা সংগ্ৰহ কৰা বৰ জটিল কাম । সমবায় ব্যৱস্থাই এটা উত্তম মাধ্যম হিচাবে কৰ্মপথৰ যোগান ধৰে সামূহিক মালিকিস্বত্ব আৰু একেলগে বৃহৎ পৰিমানৰ কাৰ্য্য সম্পাদন কৰাৰ বাবে । তলত কিছুমান সাফল্যৰ উদাহৰণ দঙি ধৰা হ`ল:

  • অসম সমবায় মৰাপাট মিলছ লিঃ, শিলঘাট, শিলঘাট, নগাওঁ, ভাৰতৰ সমবায় খণ্ডৰ সম্ভৱত ই এটা বিৰল উদাহৰণ মৰাপাট মিলৰ যিটোৱে ধাৰাবাহিক ভাৱে লাভৱান্বিত হৈ আহিছে আৰু আই এছ ওৰ প্ৰমান পত্ৰসহ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ।
  • পশ্চিম অসম দুগ্ধ উৎপাদন সমবায় সংঘ লিঃ(ড়ব্লিউ এ এম ইউ এল) ক সঠিকভাৱে জনা যায় ``পূৰৱী গাখীৰ`` যিটোৱে ৫০,০০০ লিটাৰ দুগ্ধ উৎপাদন আৰু যোগান ধৰিবলৈ সক্ষম হৈছে । তাৰোপৰি আন দুগ্ধজাত উৎপাদন প্ৰতিদিনে ৰাজ সাহাৰ্য্য হাৰত যোগান ধৰি আহিছে গুৱাহাটী আৰু ইয়াৰ ওচৰৰ অঞ্চলবোৰত ।
  • ইষ্টাৰ্ণ এগ্ৰো প্ৰচেছিং এণ্ড ৱেৰহাউচ কোঅপাৰেটিভছ ছ`চাইটি লিঃ গুৱাহাটী যাৰ ব্ৰেণ্ড নাম `নিভাঁজ` যিয়ে সৰিয়হ তেল, গুৰি মছলা, চাহপাত ইত্যাদি মানুহৰ প্ৰয়োজন অনুসাৰে যোগান ধৰি বৃহৎ পৰিমানৰ পেকেজিং ব্যৱসায় কৰি আহিবলৈ সক্ষম হৈছে ।
 

সমবায় ক্ষেত্ৰত নগৰীয়া বেংক ব্যৱস্থাই পৰিচালনা কৰি আহিছে এক গুৰুত্বপূৰ্ণ ভূমিকা । সমবায় বেংক হৈছে এক গণতান্ত্ৰিক আৰু দায়বদ্ধ সংস্থা থলুৱা নিয়ন্ত্ৰণত ক্ষুদ্ৰ আকাৰৰ যুটীয়া ষ্টক বেংকবোৰতকৈ আৰু সেয়ে, নগৰীয়া বেংক ওচৰ সহযোগীৰ লগতে নগৰ সমবায়ৰ আন ৰূপত অধিক উদ্দেশ্যগত ভাৱে উন্নত হোৱা উচিত । উদাহৰণ স্বৰূপে যোৰহাটৰ কনকলতা মহিলা নগৰ সমবায় বেংক লিঃ হৈছে একমাত্ৰ মহিলা সমবায় বেংক ৰাজ্যৰ ভিতৰতে যিটো মহিলাই সংগঠন কৰা, মহিলাৰ দ্বাৰাই পৰিচালিত কৰা আৰু মহিলাৰ জৰিয়তে সেৱা আগবঢ়োৱা বেংক । মহিলা সবলীকৰণৰ ই এটা মাত্ৰ স্পষ্ট উদাহৰণেই অকল নহয় সাধাৰণ লোকৰ সহজ আৰ্থিক প্ৰৱেশ পথ বুলিও কোৱা হয় । নগৰ অঞ্চলত বিশেষ গুৰুত্ব প্ৰদান কৰা হয় সমবায়ত গ্ৰাহক জড়িতকৰণৰ ওপৰত ।গ্ৰাহকৰ সমবায়ৰ সাফল্য প্ৰাথমিক ভাৱে নিৰ্ভৰ কৰে কৰ্মপ্ৰেৰণা আৰু অগ্ৰাধিকাৰৰ ওপৰত । সমবায়সমূহে নিজে লক্ষ্য সাধন কৰে সাধাৰণ নাগৰিকৰ মাজত কৰ্মপ্ৰেৰণা সৃষ্টি কৰি । গ্ৰাহক সমবায়ে এক বিশেষ ভূমিকা পালন কৰে গুণগত ক্ৰয়যুক্ত বস্তুৰ যোগান ধৰি বজাৰ দৰ বৃদ্ধিত নিয়ন্ত্ৰণ ৰক্ষা কৰি । অসমত সাফল্যলাভৰ উদাহৰণৰ ভিতৰত উল্লেখ কৰিব পাৰি শোণিতপুৰ জিলাৰ `মহাভৈৰৱ সমবায় গ্ৰাহক ভাণ্ডাৰ লিঃ`, যিটোৱে দ্বি-বাৰ্যিক সমবায় উৎকৃষ্টতা বঁটা ২০১৪ লাভ কৰে এন চি ডি চি ৰ অধীনত প্ৰদান কৰা । গুৱাহাটীৰ মালিগাওঁ ৰেলৱে গ্ৰাহক সমবায় সমিতি ভাণ্ডাৰ এই ক্ষেত্ৰত এক প্ৰশংসনীয় উদাহৰণ । সমবায়ৰ ক্ষেত্ৰত নগৰত এটা ডাঙৰ সমস্যা হ`ল ঘৰ।যদিও ইয়াক এই একে ক্ষেত্ৰস্থলত সামৰি লোৱাৰ প্ৰয়োজন নাই তথাপি উল্লেখ কৰা হয় যে নগৰীকৰণত শক্তিশালীভাৱে জোৰ দিয়া হয় উদ্যোগীকৰণৰ নিশ্চিত প্ৰগতিত আৰু নিৰ্ণায়ক গুৰুত্ব প্ৰদান কৰা হয় গৃহক।যেতিয়া প্ৰতিষ্ঠানিক কাম-কাজ যেনে চৰকাৰী বিভাগৰ অধীনত চলে পৌৰনিগমৰ ওপৰত আৰু সংগঠন সমূহৰ কৰ্মচাৰীৰ দ্বাৰা তেতিয়া অৱস্থা ধৰি ৰাখে এক নিৰ্দিষ্ট সীমাত,গৃহ নিৰ্মাণৰ দায়িত্ব,বিশেষকৈ নিম্ন আৰু নিম্ন মধ্যবিত্ত শ্ৰেণীৰ,আহি পৰে তেওঁলোকৰ নিজ সমবায় সংগঠনৰ ওপৰত।স্থান পছন্দ কৰাৰ পৰা ঘৰৰ ব্যৱহাৰ্য্য বস্তু বাহিৰ কৰি উলিওৱালৈকে,গৃহ সমিতি সমূহৰ কামত কিছুসংখ্যক বিভাগৰ অন্তৰ্ভূক্তি জৰুৰী হৈ পৰে।সমবায় আৰু সহযোগীতাৰ এক বৃহৎ অনুভূতি এইবোৰ বিভাগৰ মাজত যি লক্ষ্য কৰা হয় সিয়ে সকলোৰে বাবে প্ৰদান কৰা গৃহ লাভ কৰাৰ লক্ষ্যত উপনীত কৰাই।

নগৰীয়া সমবায় বেংকৰ সবিশেষ:

১)কাৰ্য্যকৰী বেংক:

১.উদ্যোগীক সমবায় বেংক লিঃ,লাখটকীয়া,গুৱাহাটী
২.সমবায় চিটি বেংক লিঃ শিলপুখুৰী,গুৱাহাটী
৩.নাগৰিক সমবায় বেংক লিঃ,উলুবাৰী,গুৱাহাটী
৪.গুৱাহাটী নগৰ সমবায় বেংক লিঃ,চান্দমাৰী পথ,পল্টন বজাৰ,গুৱাহাটী
৫.নলবাৰী সমবায় নগৰ বেংক লিঃ,নলবাৰী
৬.মংগলদৈ নগৰ সমবায় বেংক লিঃ,মংগলদৈ
৭.মহাভৈৰৱ সমবায় নগৰ বেংক লিঃ,তেজপুৰ
৮.কনকলতা মহিলা নগৰ বেংক লিঃ,যোৰহাট

২)দেওলীয়া অৱস্থাৰ অধীনত থকা বেংক:

১.নগাওঁ নগৰ সমবায় বেংক, নগাওঁ
২.উদ্যোগীক নগৰ সমবায় বেংক, ডিব্ৰুগড়
৩.শিলচৰ নগৰ সমবায় বেংক, শিলচৰ
৪.গুৱাহাটী টাউন সমবায় বেংক, গুৱাহাটী
৫.গোলাঘাট নগৰ সমবায় বেংক, গোলাঘাট