মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Registrar of Cooperative Societies Assam

সমিতি যিবোৰ পঞ্জীয়ন কৰিব পাৰি

(১)এখন কমিতি যিখনৰ অৰ্থনৈতিক স্বাৰ্থৰ উন্নতি কৰাতো হয় ইয়াৰ মুখ্য লক্ষ্য- উদ্দেশ্য আৰু সহযোগীতা নীতি অনুসৰি সদস্যসকলৰ সাধাৰণ কল্যাণ হোৱাটো বিচাৰে তেনেকুৱা সমিতিবোৰক এই আইনৰ অধীনত পঞ্জীয়ন কৰা হয় । কাৰ্য্য কৰাৰ সুবিধাৰ কাৰণে এনেকুৱা এখন সমিতি প্ৰতিষ্ঠা কৰিব পাৰি বৰ্তি থকা সমিতিৰ বিভাজনৰ দ্বাৰা গঠন কৰা নতুন সমিতিৰ আৰ্ন্তভূক্তিৰে নতুবা দুখন বা তাতোধিক সমিতিক লগলগাই তাক দায়িত্ব প্ৰদান কৰি এই আইনৰ অধীনত পঞ্জীয়ন কৰিব পাৰি ।

(২) যদি পঞ্জীয়কৰ মতে ঘোযণা কৰা বিষয়বস্তু সিদ্ধিলাভ কৰিবলৈ কোনো সমিতি অসমৰ্থ হয় বা সহযোগীতাৰ ক্ষেত্ৰত অস্থিৰ, তথ্য-প্ৰযুক্তি আৰু অৰ্থনৈতিকভাৱে অবিকশিত নতুবা যি কোনো পঞ্জীয়নভূক্ত সমবায় সমিতিৰ ওপৰত কিম্বা সামগ্ৰীকভাৱে সমবায় আন্দোলনটোৰ ওপৰত বিৰুদ্ধভাৱ উৎপন্ন হয়, যদি সদস্যসকল বা আবেদনকাৰীসকলে সেৱা আগবঢ়োৱাৰ বাবে প্ৰয়োজন বোধ নকৰে বা সমবায় সমিতিৰ সেৱা ব্যৱহাৰ কৰাৰ স্থিতিত নাথাকে তেনে সমিতিক পঞ্জীয়নভূক্ত কৰা নহয় ।

যদি কোৱা হয় যে কোনো সংগঠন, কমিতি এই আইনৰ বাহিৰে আন কোনো কম দিন বৰ্তি থকা আইনৰ অধীনত পঞ্জীয়নভূক্ত হয় তেওঁলোকে হয় নতুনকৈ পঞ্জীয়ন কৰি ল`ব লাগিব নহয় সলনি কৰি ল`ব বা একত্ৰিত হ`ব লাগিব এখন সমবায় সমিতি হিচাবে ।

(৩) উপবিধিত স্পষ্ট কৰি দিয়া হৈছে যে পঞ্জীয়কৰ ওচৰত পঞ্জীয়ন আবেদন দাখিলকৰাৰ পূৰ্বে সমবায় সমিতিখনে সমবায় বেংক হিচাবে পঞ্জীয়ন কৰি ল`ব লাগে। সমিতিখন হ`ব এখন সমবায় বেংক যিখনে ব্যৱসায় পৰিচালনা কৰিব ৫নং ধাৰাৰ অধীনত ব্যাখ্যা কৰা ধৰণে। (খ) বেংক ৰেগুলেচন এক্ট, ১৯৪৯ (এক্ট নং ১৯৪৯ৰ ১০) ৰ ভিত্তিত এই ধাৰাত ব্যাখ্যা কৰা ধৰণে সমবায় বেংক হিচাবে পঞ্জীয়কে উক্ত সমিতিখন পঞ্জীয়ন কৰিব।