মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Registrar of Cooperative Societies Assam

পঞ্জীয়নৰ কাৰ্য্য-প্ৰণালী

সমবায় সমিতি এখন লাভ কৰাৰ কাৰণে সকলো আবেদনৰ তালিকা, পঞ্জীয়ন আৰু অসমত কাম-কাজ চলাবলৈ বহু-মুখী-ৰাজ্যিক সমবায়ৰ দ্বাৰা এন ও চি লাভ কৰাৰ কাৰণে।

ক্ৰ
নং

তালিকা

মাচুল

সময়

মন্তব্য

সংযোজন

১.

এখন ৰাজ্যিক পৰ্য্যায়ৰ সমবায় সমিতি গঠনৰ কাৰণে প্ৰথম আবেদন

নাই

নাই

অতি কমেও ১০ জন ১৮ বছৰৰ ওপৰৰ নাগৰিকৰ নাম-ঠিকনা যোগাযোগ নম্বৰ সবিশেষ দি প্ৰস্তাৱিত সমিতিৰ উদ্দেশ্য আৰু কৰ্ম এলেকাৰ লগতে ব্যৱসায়ীক পৰিকল্পনা আৰু উৎসাহ দাতাৰ যোগাযোগ নম্বৰ সহ সবিশেষ দিব সংযোজন ৪ত দিয়া উচ্ছ মানৰ কাৰ্য্য-প্ৰণালী অনুসাৰে।

সংযোজন-১

২.

এখন সমবায় সমিতিৰ পঞ্জীয়ন লাভ কৰিবলৈ দ্বিতীয় আবেদন

কৰ্তৃপক্ষৰ অংশ মূলধনৰ ১ শতাংশ

৬০ দিন

আবেদন দাখিল কৰি লগত গাঁঠি দিয়া হয়-
  • অসম সমবায় সমিতি আইন ২০০৭ (সংযোজন ৭) ৰ ফৰ্দ-এ ত স্পষ্ট কৰা সমবায় নীতিৰ ওপৰত উদোক্তা। আবেদন কাৰীৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰি মূল ঘোষনা পত্ৰত চহী কৰি দিব।
  • অসম সমবায় সমিতি আইন ২০০৭ (সংযোজন ৮) ৰ ফৰ্ম-বি আৰু ধাৰা-৯ৰ অধীনত সভাই প্ৰস্তুত কৰা ব্যৱস্থা অনুসৰি উদ্যোক্তা সকলৰ সভাপতিৰ দ্বাৰা স্বাক্ষৰ কৰা প্ৰস্তাৱিত উপবিধিৰ চৰিটা প্ৰতিলিপি গাঁঠি দিব।
  • (সংযোজন-৪ ত নমুনা আকাৰ)উপবিধিত গ্ৰহণ কৰা ধৰণে উদ্যোক্তাৰ দ্বাৰা আহ্বান কৰা সভাই পাছ কৰা সিদ্ধান্তৰ এটা সঁচা প্ৰতিলিপি গাঁঠি দিব।
  • নাম তালিকাত সকলো আবেদনকাৰীৰ সম্পূৰ্ণ নাম-ঠিকনা, বৃত্তি, নিৰপেক্ষ অংশগ্ৰহণ আৰু আন সবিশেষ গাঁঠি দিব (সংযোজন-৯)
  • প্ৰস্তাৱিত সমিতিৰ অৰ্থনৈতিক ভাৱে, আৰ্থিকভাৱে, প্ৰযুক্তিগত ভাৱে আৰু সহযোগীতাৰে ৰূপায়ণ কৰিবলৈ সক্ষম হোৱা আঁচনি এখন দাঙি ধৰিব লাগিব।
  • পঞ্জীয়ন মাচুল জমা কৰাৰ সমৰ্থন স্বৰূপে ট্ৰেজাৰি চালানৰ প্ৰতিলিপি এটা গাঁঠি দিব আইনৰ দাৰা-১৭ত দিয়া হিচাপ অনুসৰি, যেনে কৰ্তৃত্বশীল অংশ মূলধনৰ ১ শতাংশ।
সংযোজন-২

৩.

এন ও চি লাভৰ কাৰণে বহুৰাজ্যিক বহুমূখী উদ্দেশ্য আৰু অসম ৰাজ্যত বিত্তীয় সমিতিয়ে কাৰ্য্য চলাবলৈ

নাই

৪৫ দিন

  • আবেদনকাৰীয়ে নিজে চহী কৰা ফটো দিব নিজ ৰাজ্যত কাম চলাবলৈ
  • যোগাযোগ নম্বৰ পি এছ সহ আবেদনকাৰীৰ সম্পূৰ্ণ ডাক-ঠিকনা
  • আবেদনকাৰীৰ পূৰ্বৱৰ্তী / প্ৰত্যয় পত্ৰ / চাৰিত্ৰিক প্ৰ-পত্ৰৰ ওপৰত ৰাজ্যৰ ২জন বিখ্যাত ব্যক্তিত্বই প্ৰমান পত্ৰ প্ৰদান কৰিব।

 

(জি ও আই চাৰকুলাৰ নং.আৰ.১১০১৭/১০/২০১৩-এল এন্দ এম তাৰিখ- ২২.৭.২০১৫)

সংযোজন-৬

এখন সমবায় সমিতিৰ পঞ্জীয়নৰ কাৰণে উচ্চমানৰ কাৰ্য্য-ক্ৰমনিকা

  1. সমবায় সমিতিৰ পঞ্জীয়নৰ কাৰণে অতি কমেও ১০ জন ১৮ বছৰৰ ওপৰৰ সহায়ক বা উদ্যোক্তাৰ নাম ঠিকনা, দূৰভাষ নম্বৰৰ সবিশেষ দি চহী কৰা আবোদন পত্ৰেৰে প্ৰস্তাৱিত সমবায় সমিতিখন প্ৰাৰম্ভিক আবেদন পঞ্জীয়ন কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিব পাৰি ।
  2. আবোদন পত্ৰ গ্ৰহণৰ তিনি দিনৰ ভিতৰত পঞ্জীয়ন কৰ্তৃপক্ষই এজন বিষয়া প্ৰতিনিধি হিচাবে পঠাব আবেদন পৰীক্ষা কৰাৰ কাৰণে, প্ৰস্তাৱিত সমবায় সমিতিৰ উদ্যোক্তাৰ লগত আলোচনা কৰি ইয়াৰ প্ৰৱেশ আৰু গ্ৰহণযোগ্যতাৰ সম্ভাৱনীয়তা নিশ্চিত কৰিব ।
  3. বিষয়া প্ৰতিনিধিজনে ৭টা কৰ্ম দিনৰ ভিতৰত সম্ভাৱনীয়তাৰ প্ৰতিবেদন স্পষ্ট মন্তব্য সহকাৰে দাখিল কৰিব
    • প্ৰস্তাৱিত সমিতিৰ দ্বাৰা সধাৰণ প্ৰয়োজনবোৰ পূৰণ কৰিব পৰাকৈ আবেদনকাৰীসকলে সেৱা আগবঢ়াব পৰা স্থিতিত আছে নে নাই?
    • প্ৰস্তাৱিত সমিতিখনে সূচাইনে যে অৰ্থনৈতিক আৰু সামাজিক উন্নতি কৰি সদস্যসকলৰ কল্যাণ ইয়াৰ লক্ষ্য-উদ্দেশ্য আৰু এই লক্ষ্য-উদ্দেশ্যবোৰ লাভ কৰিব পৰা বিধৰনে?
    • প্ৰস্তাৱিত সমিতিখনৰ কৰ্মক্ষেত্ৰ ন্যায়সংগতনে আৰু একে ঠাইতে একে ধৰণৰ সমিতিৰ লগত অসুস্থ প্ৰতিযোগিতা হোৱাৰ সম্বাৱনীয়তা আছেনে নাই?
    • উদ্যোক্তা সদস্যৰ অংশ গ্ৰহণত সমতা আৰু সমবায়ৰ নীতিৰ ওপৰত আৰু প্ৰস্তাৱিত সমিতিৰ বিষয়বস্তুৰ ক্ষেত্ৰত তেওঁলোকৰ সচেতনতা আছেনে?
  4. বিভাগীয় বিষয়া, পঞ্জীয়ন কৰ্তৃপক্ষৰ দ্বাৰা সমবায় সমিতিৰ সংগঠনৰ কাৰণে পৰীক্ষা চলোৱা যদি হয় সমবায় সমিতিৰ পঞ্জীয়নৰ কাৰণে নিৰ্ধাৰিত প্ৰ-পত্ৰৰ প্ৰতিলিপি এটা পঠাব লাগিব বছৰেকীয়া সাধাৰণ সভা আহ্বান কৰা নিৰ্দেশেৰে তেওঁলোকৰ উপবিধিত গ্ৰহণ কৰা নিৰ্দ্দেশনা অনুসাৰে আৰু এজন বিষয়া প্ৰতিনিধি হিচাবে ল`ব একে কামৰ কাৰণে।
  5. উদ্যোক্তাসকলে পঞ্জীয়ন কৰ্তৃপক্ষৰ কাৰ্যালয়ৰ পৰা নিৰ্ধাৰিত প্ৰ-পত্ৰ সংগ্ৰহ কৰিব পাৰে সাম্ভাব্য প্ৰতিবেদন দাখিল কৰাৰ পৰা ৭ দিনৰ পাছৰ যিকোনো এটা দিনত।
  6. উদ্যোক্তাসকলে তেতিয়া নিৰ্ধাৰিত প্ৰ-পত্ৰ পুৰাই আবেদন পত্ৰ জমা কৰিব লগত গাঁঠি দিয়া- (১)উদ্যোক্তাই চহী কৰা মূল ঘোষনাপত্ৰ অসম সমবায় সমিতি আইন ২০০৭ ৰ ফৰ্ম-এত স্পষ্ট কৰি দিয়া সমবায়ৰ নীতিৰ ওপৰত মন্তব্য প্ৰকাশ কৰি লিখা আবেদন পত্ৰ (২) প্ৰাৰম্ভিক উদ্বোধনী সাধাৰণ সভাৰ সভাপতিয়ে প্ৰস্তাৱিত উপ-বিধিত স্বাক্ষৰ কৰা চাৰিটা প্ৰতিলিপি (৩) আবেদনকাৰীৰ দ্বাৰা গ্ৰহণ কৰি সভাত গৃহীত কৰা সিদ্ধান্ত অনুসৰি উপ-বিধিৰ এটা সঁচা প্ৰতিলিপি (৪)আবেদনকাৰীৰ নাম-ঠিকনাসহ বৃত্তি, অংশ গ্ৰহণৰ ক্ষমতা আৰু অন্য সবিশেষ দি এখন নামৰ তালিকা (৫)প্ৰস্তাৱিত সমিতিখন অৰ্থনৈতিকভাৱে, বিত্তীয়-ভাৱে, প্ৰযুক্তি আৰু সহযোগীতাৰে জীয়াই থাকি ৰূপায়ণ সাধ্য কৰিব পৰা আঁচনি এখন আৰু (৬) উপবিধিত থকা ব্যৱস্থা অনুসৰি হিচাপ কৰা পঞ্জীয়ন মাচুল জমা দিয়াৰ সমৰ্থনত ট্ৰেজাৰি চিলানৰ এটা প্ৰতিলিপি (১) অসম সমবায় সমিতি আইন ২০০৭ৰ ধাৰা-১৭ যেনে কৰ্তৃত্বশীল অংশ মূলধনৰ ১ শতাংশ।
  7. পঞ্জীয়ন মাচুল / আনুষ্ঠানিক আবেদন লাভ কৰাৰ পিছত পঞ্জীয়ন কৰ্তৃপক্ষই সমিতিখন পঞ্জীয়ন কৰিব আৰু তলত উল্লেখ কৰা বিষয় অনুসৰি পঞ্জীয়ন প্ৰমানপত্ৰ প্ৰকাশ কৰিব।:
    • অসম সমবায় সমিতি আইন ২০০৭ৰ অধীনত নিৰ্দেশ কৰা ধৰণেও প্ৰয়েজনীয় নথি-পত্ৰ নিশ্চিত কৰা আবেদন
    • উপবিধিত স্পষ্ট কৰা ধৰণে প্ৰস্তাৱিত সমবায় সমিতিৰ সদস্যসকলৰ অৰ্থনৈতিক আৰু সামাজিক প্ৰগতিৰ জৰিয়তে সাধাৰণ প্ৰয়োজনীয় সেৱাৰ ব্যৱস্থা কৰা যাৰ লক্ষ্য-উদ্দেশ্য.
    • আইনৰ ধাৰা মতে প্ৰস্তাৱিত উপবিধিবোৰ অসংলগ্ন নহয় আৰু সমবায় সমিতিৰ লক্ষ্য-উদ্দেশ্যৰ বিৰুদ্ধও নহয়।
  8. কোনো সমিতিক পঞ্জীয়ন কৰা নহয় যদি পঞ্জীয়ন কৰ্তৃপক্ষই ঘোষণা কৰা বিষয় বস্তু সিদ্ধিলাভ কৰিব নোৱাৰে বা ই অৰ্থনৈতিকভাৱে বিকশিত নহয়, প্ৰযুক্তিগতভাৱে আৰু সহযোগীতাৰ ক্ষেত্ৰত অস্থিৰ নতুবা ইয়াৰ যদি আছে যিকোনো পঞ্জীয়নভূক্ত সমবায়ৰ ওপৰত প্ৰতিকূল প্ৰভাৱ বা সদস্যসকল বা আবেদনকাৰীক সেৱাৰ প্ৰয়োজন নাই বা সমবায় সমিতিৰ সেৱা ব্যৱহাৰ কৰাৰ অৱস্থাত নাই।
  9. যদি পঞ্জীয়ন পৰ্তৃপক্ষই জানিব পাৰে যে প্ৰস্তাৱিত সমবায় সমিতিখন কিছুমান কাৰণত পঞ্জীয়ন কৰিব পৰা নাযায় সমিতিয়ে তেতিয়া পৃষ্ঠপোষকৰ লগত লিখিতভাৱে যোগাযোগ কৰিব যুক্তিবোৰ উল্লেখ কৰি সংশ্লিষ্ট বিষয়াৰ পৰা সাম্ভাব্য প্ৰতিবেদন লাভ কৰা তাৰিখৰ পৰা ৫ দিনৰ ভিতৰত।
  10. আনুষ্ঠানিক আবেদন লাভ কৰাৰ পৰা দু মাহৰ ভিতৰত পঞ্জীয়নৰ সমগ্ৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিব আৰু প্ৰস্তাৱিত সমিতিখন পঞ্জীয়ন কৰা হ`ব পঞ্জীয়ন মাচুল / আনুষ্ঠানিক আবেদন লাভ কৰা তাৰিখৰ পৰা ৬০ (ষাঠি) দিনৰ অন্তত যদি নিৰ্ধাৰিত সময়ৰ ভিতৰত বিষয়টোৰ উচিত ব্যৱস্থা কৰা নহয়।
 

*(১) অসম সমবায় সমিতিৰ পঞ্জীয়ক ( আৰ চি এছ) যদি ৰাজ্যিক পৰ্য্যায়ৰ সমবায় হয়।

*(২)অতিৰিক্ত পঞ্জীয়ক / মাণ্ডলীক যুটীয়া পঞ্জীয়ক যদি প্ৰস্তাৱিত সমবায়খনে দুখন বা তিনিখন জিলা সামৰি লয়।

*(৩)সমবায় সমিতিৰ উপ-পঞ্জীয়ক ( ডি আৰ চি এছ) যদি জিলা পৰ্য্যায়ৰ সমবায় হয়।

*(৪) সমবায় সমিতিৰ সহকাৰী পঞ্জীয়ক ( এ আৰ চি এছ) আন প্ৰাথমিক পৰ্য্যায়ৰ সমবায়ৰ ক্ষেত্ৰত।

Downloads
TitleSizeDetail
পঞ্জীয়নৰ কাৰ্য্য-প্ৰণালী38.32 KBswf-image