মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Registrar of Cooperative Societies Assam

অতিৰিক্ত মুখ্য শব্দসমূহ

  • উদ্বোধনী সাধাৰণ সভা: প্ৰস্তাৱিত সমবায় সমিতিৰ প্ৰথম সভা, য`ত প্ৰস্তৱিত সমিতিৰ সমৰ্থক ব`ৰ্ডে উপ আইন সমূহ গ্ৰহণ কৰে আৰু অন্য বিষয়ৰ ওপৰত সিদ্ধান্ত লয়, যদি কিবা থাকে।
  • অভিযান ক্ষেত্ৰ:অভিযান ক্ষেত্ৰ হৈছে এইটো ক্ষেত্ৰ য`ৰ পৰা সদস্য পদ প্ৰত্যাহাৰ কৰা হয়।
  • সমৰ্থক: সমৰ্থকৰ অৰ্থ হ`ল কোনো যোগ্য ব্যক্তি বা পঞ্জীয়নকৃত সমিতিয়ে এখন সমবায় সমিতিৰ পঞ্জীয়নৰ কাৰণে কৰা আবেদনত হস্তাক্ষৰ কৰে।
  • উপ-আইন: উপ- আইনে এখন সমিতিৰ পঞ্জীয়নকৃত উপ-আইন সমূহক সূচায়, যি সমূহক সমিতিয়ে নিজৰ দ্বাৰাই তৈয়াৰ কৰে আৰু সমিতিৰ বিষয়সমূহ উপ-আইনে নিৰ্ধাৰণ কৰা নিতী, চৰ্তাৱলী আৰু প্ৰক্ৰিয়াৰ লগত সংগতি ৰাখি প্ৰবন্ধিত কৰা হয়। উপ-আইনে আইনৰ অনসূচী বি ত নিৰ্ধাৰিত বিৱৰণ সমূহ অনিবাৰ্য্যভাৱে অন্তৰ্ভূক্ত কৰিব লাগিব আৰু সেই সমূহ মানি চলিব লাগিব। যি কি নহওক কোনো ক্ষেত্ৰতে উপ-আইনে আইনৰ প্ৰবিধান সমূহ স্থানান্তৰ কৰিব নোৱাৰে।
  • সঞ্চালক ব`ৰ্ড: সমিতিৰ বিষয় সমূহ প্ৰবন্ধ কৰিবলৈ প্ৰত্যেক সমবায় সমিতিৰে এখন গণতান্ত্ৰিকভাৱে নিৰ্বাচিত সঞ্চালক ব`ৰ্ড আছে। এই ব`ৰ্ড ত ১৫ জন সঞ্চালক থাকে যাৰ কাৰ্য্যকাল ব`ৰ্ডৰ সৈতে সমব্যাপ্ত, উঃ স্বঃ-৫ বছৰ।
  • অধিকৃত অংশীদাৰী পুঁজি:
  • পঞ্জীয়ন মাচুল: পঞ্জীয়ন মাচুলৰ পৰিমাণ প্ৰস্তাৱিত সমবায় সমিতিৰ প্ৰস্তাৱিত অধিকৃত অংশীদাৰী পুঁজিৰ ১ %। ইয়াক পঞ্জীয়নৰ কাৰণে কৰা আবেদন সহ ট্ৰেজাৰী চালানৰ দ্বাৰা জমা কৰিব লাগিব।